অসমশীৰ্ষ

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিছে হাঁহিৰাম বৰুৱাৰ দুই কন্যাই

ঢকুৱাখনাৰপৰা পাপু বৰুৱা বিশেষ প্ৰতিবেদন, ভাল খবৰ: দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ঢকুৱাখনাৰ এটি দৰিদ্ৰ পৰিয়ালৰ দুই মেধাৱী ছাত্ৰীয়ে। পিতৃ – মাতৃৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা দুই ভগ্নীদ্বয় হ’ল পিংকী আৰু হিমাক্ষী। দৰিদ্ৰতাৰ প্ৰত্যাহ্বান নেওচি নিজৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ঢকুৱাখনা দেউলীয়া গাঁৱৰ নিবাসী হাঁহিৰাম বৰুৱাৰ দুই জীয়ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

পিংকীয়ে ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰিক্ষাত প্ৰথম বিভাগত আৰু হিমাক্ষীয়ে হাইস্কুল শিক্ষান্ত পৰিক্ষাত ঢকুৱাখনা গাৰ্লছ হাইস্কুলৰ পৰা ৫ টা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন লাভ কৰি পিতৃ – মাতৃৰ মুখলৈ আনন্দ বতৰা কঢ়িয়াই আনিছে। কন্যা এনে সাফল্যত দিনহাজিৰা কৰি কোনোমতে পৰিয়ালটো পুহপাল দি অহা পিতৃ হাঁহিৰাম বৰুৱা আৰু মাতৃ তুলাদৈ বৰুৱা মুখত হাঁহি পৰিৱৰ্তে দুই কন্যাৰ ভৱিষ্যতৰ কথা ভাবি অধিক চিন্তিত হৈ পৰিছে। কাৰণ অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ দেশবাসীক। ঠিক তেনে সময়তে কৃষিকৰ্মৰ দ্বাৰা নিজ সন্তানক মানুহ কৰাৰ হাবিয়াস থকা সত্ত্বেও অৰ্থৰ অভাৱত এতিয়া দুই কন্যাক পঢ়োৱাৰ চিন্তাত টোপনি হৰিছে পৰিয়ালটো।

বৰুৱাৰ দুই কন্যাই ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱা সপোন। ইফালে আৰ্থিক দৈন্যতাই বাৰুকৈয়ে বিপাঙত পেলাইছে ছাত্ৰী দুগৰাকীক। সেয়ে কোনো সদাশয় ব্যক্তিৰ  সহায় বিছাৰিছে পিতৃ-মাতৃয়ে। কোনো হৃদয়বান লোকে যদি ছাত্ৰী দুগৰাকীক কিছু সহায় কৰে তেন্তে এটা উজ্জ্বল নক্ষত্ৰ জিলিকি উঠিব অঞ্চলটোত। ছাত্ৰী দুগৰাকীক কোনো লোকে সহায় কৰিব বিচাৰিলে ৭৬৩৮০৭০৪৯৯ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close