বিনোদনৰাষ্ট্ৰীয়

হলি টাউনত বাটিস্তা-হুমাৰ ৰোমান্স

বি টাউনৰ তাৰকা অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম হুমা কুৰেশ্বিক আমেৰিকাত অৱসৰ বিনোদনত ব্যস্ত। তথ্য অনুসৰি ভাৰতীয় মূলৰ অভিনেত্ৰীগৰাকীয়ে ডব্লিউ ডব্লিউ ইৰ তাৰকা মল্লযুজাৰু ডেভিদ মাইকেল বাটিষ্টাৰ সৈতে ৰোমান্সত ব্যস্ত হৈ পৰিছে। এই ৰোমান্সে এতিয়া বি টাউনত লাভ কৰিছে ব্যাপক চৰ্চা। কিন্তু এই ৰোমান্স ৰিয়েল নহয়, ৰীল লাইফতহে। বি টাউনত বিশেষ সফলতা লাভ কৰাৰ পিছতেই হলিউডলৈ যাত্ৰা কৰিছে হুমাই। অভিনয়ৰে বি টাউনত খোপনি পুতিবলৈ সক্ষম হোৱা হুমা চেলিম কুৰেশ্বিক এইবাৰ হলি টাউনত দেখা যাব। জেক এডৱাৰ্ডৰ পৰিচালনা- প্ৰযোজনাত নিৰ্মাণ হ’বলগীয়া ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিব বাটিস্তা । বাটিস্তাৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব ভাৰতীয় সুন্দৰী গৰাকীয়ে। তেওঁলোকৰ উপৰি হলিউডৰ ছুপাৰষ্টাৰ অমাৰি হাৰ্ড উইক, ইলা পাৰ্ণেল আদিয়ে। দ্য ষ্টন কুঁৱেৰীৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবি খনৰ মুঠ বাজেট ৯০ মিলিয়ন ডলাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close