আন্ত-ৰাষ্ট্ৰীয়বিনোদনবিশেষশিশু

Amy I love you more

হর্ডিঙত পত্নীলৈ প্রেম নিবেদন

এমই আই লাভ ইউ ম’ৰ (Amy, I love you more)
পতি-পত্নীৰ মাজৰ প্ৰেমৰ সংজ্ঞা কোনােৱে নিৰ্ধাৰণ কৰিব নােৱাৰে। পলকতে কাজিয়া পলকতে মৰম। পতি-পত্নীৰ এই সম্পর্ক সর্বজনবিদিত। কিন্তু পত্নীৰ প্রতি কিমান মৰম থাকিব পাৰে এজন স্বামীৰ। সাধাৰণতে প্ৰেমৰ চানেকি হিচাপে উৎসৱ-পাৰ্বনত দিয়া হয় দামী উপহাৰ। কেতিয়াবা এখন শাৰী, কেতিয়াবা সােণৰ আ-অলংকাৰ। ধনী-আঢ্যবন্তৰ বাবে হীৰাৰ হাৰ। দুখীয়া নিচলাৰ বাবে চিঙৰা, বৰফি, মিঠাই। পত্নীক সন্তুষ্ট কৰাৰ বাবেই স্বামীসকলে বিভিন্ন সময়ত বিভিন্ন অগতানুগতিক কার্য গ্রহণ কৰে। পিছে আপুনি দেখি আচৰিত হ’ব এজন ব্যক্তিৰ প্রেম নিবেদনৰ আৰ্হি দেখি। অকলাহােমাৰ তুলছা নিৱাসী এজন ব্যক্তি হ’ল জছ উইলছন। ৪১ বছৰীয়া জ’ছৰ পত্নী এমিৰ প্রতি আছে অগাধ প্রেম। সেয়েহে পত্নীৰ প্ৰতি থকা হৃদয়ত প্রেমক প্রকাশ কৰিবলৈ জ’ছে যি কার্যপন্থা গ্রহণ কৰিলে সেয়া এতিয়া বিশ্বতে চৰ্চাৰ বিষয়। ব্যৱসায়ীসূত্রে বিজ্ঞাপনৰ বাবে এটা হাের্ডিং প্রতিষ্ঠানৰ সৈতে এবছৰীয়া চুক্তি সম্পাদন কৰিছিল জ’ছে। বিভিন্ন কোম্পানীৰ বিজ্ঞাপনসমূহ হাের্ডিঙৰ যােগেদি জনতাৰ কাষলৈ নিয়াই হৈছে জ’ছৰ পেছা। পিছে কোনাে কোনাে স্থানত হাের্ডিঙত বিজ্ঞাপন খালী থাকিলে তাতেই প্রকাশ কৰে পত্নীৰ প্রতি প্ৰেমৰ কথা। আগষ্ট মাহত পত্নীৰ প্ৰতি থকা প্রেম প্রকাশ কৰি কেইবাখনাে হাের্ডিঙত জ’ছে লিখিলে এমি, আই লাভ ইউ মােৰ। আই এম জাষ্ট লাভ ইন লাভ উইথ মাই ৱাইফ। সম্প্রতি বিলিব’ৰ্ডত লাগি থকা এইসমূহ বাক্যই চর্চা লাভ কৰিছে সকলােতে। পত্নীৰ প্ৰতি থকা প্রেমৰ প্ৰকাশৰ বাবে এজন স্বামীৰ এই অভিনয় প্রেম নিবেদন এতিয়া সকলাে প্রেমিকৰ উৎসাহৰ কাৰণ হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close