অসমশীৰ্ষ

সৰভোগৰ বিশিষ্ট কবি টিকেন নাথলৈ ২০১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চন:

ছহিজুল আলী, সৰভোগ

কালি ঘোষিত ২০১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চন সৰভোগৰ বিশিষ্ট কবি টিকেন নাথে লাভ কৰাত সৰভোগবাসী উৎফুল্লিত হৈ পৰে। সৰভোগৰ মাদুলীঝাৰ (টেঙাগাঁও) গাঁৱত ১৯৪৯ চনৰ ২১ মাৰ্চত জন্মগ্ৰহণ কৰা কবি টিকেন নাথে দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে। জনতাৰ কবি টিকেন নাথে খাটি খোৱা জনতাৰ হকে অষ্টম মানতে কলম ধৰি আজিলৈকে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। তেওঁৰ অমৃতৰ সন্ধানত( কবিতা সংকলন), মোজ্জামিল আৰু চকুলো (সংগীতালেখ্য), ফুল নহয় তেজ ৰঙা হৃদয় (কবিতা সংকলন, ২০০৮), নিৰিবিলি জোনাকতে (আধুনিক গীত), নীড়হাৰা পখীৰ ক্ৰন্দন (আধুনিক গীত, ২০১৫), এই পথ ৰাজপথ (মোৰ শুকুলা ঘোঁৰাৰ স্ৰষ্টা জিতেন ডেকাৰ সোঁৱৰণত ৰচিত আধুনিক গীতৰ সংকলন), কন্ঠশিল্পী জয়ন্ত হাজৰিকা, যাৰ সোঁৱৰণত চকুলো নিগৰে (সংগীতালেখ্য) আৰু জনমে জনমে তোমাৰ প্ৰেমেৰে (আধুনিক গীতৰ সংকলন) প্ৰকাশ পায়। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, তিনিদিনীয়া অগ্ৰদূত আদি কাকতত লিখা-মেলা কৰিছিল। বৰপেটাৰ পৰা প্ৰকাশিত পষেকীয়া বাতৰিকাকত নেহেৰুত ভাৰত-চীন যুদ্ধৰ পটভূমিত লিখা তেওঁৰ প্ৰথম কবিতাটো প্ৰকাশ পায়। তাৰপিছতে তেওঁ যুগুতাই উলিওৱা ড° ভূপেন হাজৰিকা সম্পাদিত আমাৰ প্ৰতিনিধি কাকতৰ বিশেষ সংখ্যাত প্ৰকাশিত প্ৰতিমা বৰুৱা পাণ্ডে আৰু তিনিদিনীয়া অগ্ৰদূতত গণশিল্পী সূৰ্য্য দাসৰ সাক্ষাৎকাৰ দুটাই গোটেই অসমজুৰি সমাদাৰ লাভ কৰে। তেওঁ ৰচিত গীতে গণশিল্পী সূৰ্য্য দাস আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী কল্পনা পাটোৱাৰীৰ কন্ঠত প্ৰাণ পাই উঠে। এই গৰাকী সাহিত্যিকে সৰভোগৰ চকচকাৰ চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা জীৱনৰ শুভাৰম্ভ কৰি ১৯৭৩ চনত বৰনগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক উৰ্ত্তীণ হয়। ১৯৭৩ চনতে তেওঁ সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে। পিছত ২০১৯ চনৰ ৩১ মাৰ্চত তেওঁ সেইখন বিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰে। বিশিষ্ট কবি টিকেন নাথে সাহিত্যিক পেঞ্চন লাভ কৰাত সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টিৰ চকচকা ব্ল’ক মণ্ডলৰ সভাপতি সম্পদ দাস, প্ৰাক্তন ছাত্ৰ নেতা অনিল কুমাৰ দাস, বৰনগৰ প্ৰেছ ক্লাব আৰু সৰভোগ ডিজিটেল সাংবাদিক সন্থাই শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close