অসমবিশেষশীৰ্ষ

সৰভোগত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী

ছহিজুল আলী, সৰভোগ

গদ্য সাহিত্যৰ জনক ভট্টদেৱক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি সৰভোগৰ স্থানীয় একাংশ যুৱক আৰু চৰকাৰী কৰ্মচাৰীয়ে সৰভোগ-কলগাছিয়া ভট্টদেৱ পথটোৰ বিভিন্ন ঠাই চাফাই কৰাৰ লগতে গছপুলি ৰোপণ কৰে ৷এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাৰংগ পাণি শৰ্মাই জনায় যে, এই কাম নিয়মিতভাবে চলি থাকিব ৷ অসমখন নিকা আৰু সেউজ কৰাৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে নিজৰ জন্মদিনত আৰু বিহু-পূজা, ঈদ আদিৰ দৰে বিভিন্ন অনুষ্ঠানত আয়োজক সমিতিয়ে যাতে গছপুলি ৰোপণ কৰে তাৰবাবে আহ্বান জনায় ৷এই কাৰ্যসূচী উপস্থিত থাকে,উৎপল ডেকা,বিদ্যুত দাস,নৱজ্যোতি দাস,অৰুপ দাস,আমিৰ আলী,ভূপেন ছেত্ৰী,গুণজিৎ মজুমদাৰৰ লগতে বহুত যুৱক-যুৱতী৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close