অসম

সৰভোগত গুৰুজনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

সৰভোগৰপৰা এচ.আলি, ভাল খবৰ: বৰপেটা জিলাৰ সৰভোগত শ্ৰীশ্ৰীমন্ত শংকৰদেৱ সোঁৱৰণী সংঘৰ সৌজন্যত সৰভোগ শ্ৰীশ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰাংগনত ১৯ ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছে৷
প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৪.৩০ বজাত প্ৰভাতফেৰী, পুৱা ৭.৩০ বজাত নিত্য প্ৰসংগ আৰু ভাগৱত পাঠ,কুমুদ পাঠক আতৈৰ দ্বাৰা,পুৱা ৯.৩০ বজাত ধৰ্মধ্বজা উত্তোলন,উত্তোলক শ্ৰীশ্ৰীমন্ত শংকৰদেৱ সোঁৱৰণী সংঘৰ সভাপতি কৰুণাকান্ত দাস,পুৱা ১০.৩০ বজাত ভাগৱত লৈ নগৰ ভ্ৰমণ,পুৱা ১১ বজাত আমন্ত্ৰিত আইসকলৰ নাম,সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন,প্ৰজ্বলক মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী,সন্ধিয়া ৬.৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান৷

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close