স্বাস্থ্য

স্মৃতি শক্তি বৃদ্ধিৰ ঘৰুৱা দিহা

খালিদ ইছলাম

আপুনি কি চাপৰ প্রভাৱত ইটো সিটো পাহৰিবলৈ লৈছে নেকি বা আপোনাৰ ক্ৰমান্বয়ে স্মৃতিশক্তি দুর্বল হব ধৰিছে নেকি ? যদি হয় তেনে কিন্তু ইয়াৰ পৰিণাম হব পাৰে ভয়ংকৰ।
সাধাৰণতে ক্ৰমান্বয়ে স্মৃতি শক্তি হ্ৰাস পোৱাৰ মূখ্য কাৰণ বোৰ হৈছে – মূৰত পোৱা আঘাত, অতিৰিক্ত মানসিক চাপ, বয়সৰ চাপ,ৰক্তহীনতা ইত্যাদি ইত্যাদি।
তেনে আহক আজি সতর্কতা অৱলম্বন কৰাৰ লগতে  স্মৃতিশক্তি মজবুত আৰু বৃদ্ধিৰ কিছু ঘৰুৱা দিহায়ো জানি লঁও৷
প্ৰতিদিনে চাৰি চামুচ ব্ৰাহ্মী শাকৰ ৰস, ২ চামুচ কলমৌ শাকৰ ৰস,২ চামুচ হেলেঞ্চি শাকৰ ৰস এক কাপ ছাগলীৰ গাখীৰৰ লগত এচামুচ চেনী মিহলাই সেৱন কৰিলে স্মৃতি শক্তি বৃদ্ধি পায়।
দৈনিক ব্ৰাহ্মী শাক ঘিউত ভাজি কৰি খালেও স্মৃতি শক্তি বৃদ্ধি পায় ।
প্ৰতিদিনে পাঁচ মিনিট ভৰিৰ আঙুলিবোৰ মালিচ(মাচাজ) কৰিলেও ভাল ফল পোৱা যায়।
ইয়াৰ লগে লগে কিন্তু ৰাতিৰ টোপনি ভাল ও গভীৰ হোৱাটো অনিবাৰ্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close