অসমবিশেষশীৰ্ষ

স্বাস্থ্য আৰু শৰীৰিক পাঠ্যক্রম চিবিএছচিত বাধ্যতামূলক

প্রথম শ্ৰেণীৰ পৰা দ্বাদশলৈ ল'ব লাগিব স্বাস্থ্য-শাৰীৰিক পাঠ

সংসদৰ শীতকালীন অধিৱেশনত মানৱ সম্পদ উন্নয়ন মন্ত্রী ড°ৰমেশ পখৰীয়ালে লিখিত উত্তৰত শিক্ষা মাধ্যমত স্বাস্থ্য আৰু শৰীৰিক পাঠ্যক্রম বাধ্যতামূলক হ’ব বুলি উল্লেখ কৰিছে। চিবিএছচি মাধ্যমৰ সকলাে বিদ্যালয়ত প্রথম শ্ৰেণীৰ পৰা দ্বাদশলৈ শিশুসকলক স্বাস্থ্য আৰু শাৰীৰিক পাঠ্যক্রম অনুসাৰে শিক্ষাগ্রহণ কৰিব লাগিব। শিক্ষা পদ্ধতিত স্বাস্থ্যৰ প্রতি গুৰুত্ব প্রদান কৰাৰ লগতে শাৰীৰিকক্ষেত্ৰত যাতে ভৱিষ্যৎ প্রজন্ম শক্তিশালী আৰু সচেতন হয় তাৰবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় কাৰিকুলাম ফ্ৰেমৱৰ্ক ২০০৫ অনুসৰি শিক্ষা পদ্ধতিত প্রথমমানৰ পৰা দশম শ্রেণীলৈ স্বাস্থ্য আৰু শাৰীৰিক বিষয়ত শিক্ষালাভ কৰাটো বাধ্যতামূলক আছিল। শেহতীয়াকৈ ইয়াক বর্ধিত কৰি দ্বাদশশ্রেণীলৈ কৰা হৈছে। কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’র্ডৰ অধীনত স্বাস্থ্য আৰু শাৰীৰিক জ্ঞান প্রদানৰ বাবে নির্বাচিত পাঠ্যক্রম প্রস্তুত কৰি তােলা হৈছে। ইয়াৰ যােগেদি দেশৰ ভৱিষ্যৎ প্রজন্মই স্বাস্থ্য আৰু শৰীৰৰ দিশত সচেতন হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close