অসমবিশেষশীৰ্ষসাংস্কৃতিক

সৃষ্টিৰ মাজত প্ৰতিবাদৰ ভাষা বিচাৰি পোৱা এগৰাকী প্ৰতিবাদী শিল্পীৰ কথাৰে

ৰুবুল দাস :

সৃষ্টিশ্ৰী ৰাজগুৰু। এগৰাকী চিত্ৰ শিল্পী। ওহোঁ, কেৱল এগৰাকী শিল্পী বুলি ক’লে ভুল কোৱা হ’ব। তেওঁ এক প্ৰতিবাদী সত্তা। তেওঁৰ ৰং আৰু ৰেখাৰ মাজত আপুনিও বিচাৰি পাব প্ৰতিবাদৰ এক অদমনীয় কণ্ঠ। এক অপ্ৰতিৰোধ্য শক্তি। তেওঁৰ এই প্ৰতিবাদৰ যাত্ৰা ইমান মসৃণ নহয়। বিভিন্ন সময়ত তেওঁ বহুজনৰ বাক্যবাণৰ সন্মুখীন হৈ আহিছে। তথাপি তেওঁ ৰৈ নাযায়। তেওঁ অনিৰুদ্ধ। দৃঢ়। পৃথিৱীৰ কোনো শক্তিয়েই বাধা দি ৰাখিব নোৱাৰে তেওঁক। সেইগৰাকী শিল্পীক চিনাকি কৰি দিব বিচাৰিছোঁ ভাল খবৰৰ পাঠকৰ সৈতে। ভাল খবৰৰ হৈ ৰুবুল দাসৰ সৈতে সৃষ্টিশ্ৰী ৰাজগুৰুৰ এক সাক্ষাৎকাৰ।
ভাল খবৰ: আপোনাৰ সৃষ্টিৰ সৈতে প্ৰতিবাদ যেন অভিন্ন। প্ৰতিবাদ কৰিবলৈ আপুনি কিয় আৰ্টক বিচাৰি ল’লে?
সৃষ্টিশ্ৰী ৰাজগুৰু: কাৰণ এইটো মই পাৰোঁ। মোৰ আত্মবিশ্বাস আছে। সকলোকে প্ৰতিবাদ কৰাৰ মাধ্যম বেলেগ বেলেগ। কিছুমানে কবিতাৰে কৰে। কিছুমানে গানেৰে। মই ছবিৰে কৰোঁ। ছবি চাই মানুহে ভালপায়। গান শুনি ভাল পায়। কবিতা শুনি ভালপায়, পঢ়ি ভালপায়। মানুহক সজাগ কৰিবলৈ অলপ সৃষ্টিশীলতাক কামত লগাব পাৰি বুলি মই ভাবোঁ।
ভাল খবৰ: শিল্পৰ মাজেৰে প্ৰতিবাদে সমাজত কিদৰে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে?
সৃষ্টিশ্ৰী ৰাজগুৰু: এই সমাজত প্ৰভাৱ পেলাব কাৰবাৰটো মানুহৰ মানসিকতাৰপৰা হ’ব। শিল্পৰ ভাষা বুজি পালে মানুহ ওলাই আহিব। ডাঙৰ একো নহ’লেও সৰু-সুৰা পদক্ষেপ। আকোঁৰগোজবোৰৰ কথা বেলেগ বাৰু। আমি যিমানেই প্ৰতিবাদ নকৰিলেও, ‘মই এইটোহে কৰিম, কথা এইটোহে’ বুলিয়েই ধৰি থাকিব।

ভাল খবৰ: পেইণ্টিং বা কলা সম্পৰ্কে আপোনাৰ ধাৰণা কি বা ই কেনে হোৱা উচিত?
সৃষ্টিশ্ৰী ৰাজগুৰু: মোৰ বাবে কলা সদায়েই মুক্ত। কিবা এটা বান্ধোনৰ মাজত থকাটোক কেতিয়াও মই কলা বুলি নকওঁ বা ক’ব নোৱাৰি।
ভাল খবৰ: আপুনি কেতিয়াৰপৰা আঁকি আহিছে আৰু কোনটো ফৰ্ম আপুনি ভালপায়?
সৃষ্টিশ্ৰী ৰাজগুৰু: মই বহুত কম বয়সতে ছবিৰ আঁকিবলৈ আকৰ্ষিত হৈছিলো। কিন্তু গুৰুত্ব দি লোৱা নাছিলোঁ। স্কুলত আটাইবোৰ শ্ৰেণীৰ ভিতৰত মোৰ আৰ্টৰ শ্ৰেণীটো প্ৰিয় আছিল। নিজৰতো নিজৰেই, বেলেগকো আঁকি দিছিলো, শিক্ষকে গম নোপোৱাকৈ। স্কুল এৰাৰ পিছত আৰ্টো একেবাৰে নাইকিয়া হোৱাৰ নিচিনা হ’ল। কলেজত পঢ়াৰ পিছতো দুবছৰমান আৰ্ট লৈ ইমান ছিৰিয়াছ হোৱা নাছিলো। কিন্তু ডিগ্ৰী পঢ়ি থাকোতে আৰ্টৰ জগৰত বন্ধু বিচাৰি পালোঁ। তেতিয়া একেলগে কথা পৰাৰ সময়ত আৰ্টৰ কথাই পতা হৈছিল। তেওঁলোকৰ সৈতে থাকি, কথা পাতি ময়োযে ছবি আঁকিব পাৰোঁ, সেয়া অনুধাৱন কৰিলোঁ লাহে লাহে। তেওঁলোকৰ ভিতৰত এইখিনিতে দুজনমানৰ নাম ল’ব বিচাৰিম। অনুজ আৰু সুব্ৰত বৰুৱা। এই দুজনে মোক বহুত সহায় কৰিছিল। এতিয়াও কৰে। উৎসাহ দিয়ে। তেওঁলোকৰ সৈতে থাকি এটা যোগাত্মক পৰিৱেশ পালোঁ যে ময়ো যে আঁকিব পাৰিম। তেতিয়াৰপৰাই চলি আছে আৰু চলি থাকিব। মই সকলো ফৰ্মেই ভালপাওঁ। তাৰ মাজতে ছুৰিয়েলিজমে মোক বেছিকৈ আকৰ্ষিত কৰে।


ভাল খবৰ: ছুৰিয়েলিজম কিয়? ছুৰিয়েলিজম ভালপায় বাবেই ছালভাডৰ দালি আপোনাৰ প্ৰিয় নেকি?
সৃষ্টিশ্ৰী ৰাজগুৰু: মোৰ ধাৰণা হয়, এইটো ফৰ্মত যুক্তিলব্ধ চিন্তাতকৈ কল্পনাক বেছি প্ৰাধান্য দিয়া হয়। আচৰিত, সপোন সপোন লগা আৰু অসাধাৰণ বস্তুবোৰ মোৰ বৰ ভাল লাগে। প্ৰিয় শিল্পী বুলি ক’বলৈ গ’লে বহুত শিল্পীয়েই মোৰ প্ৰিয়। দালিক ছুৰিয়েলিজমৰ বাবে ভাল লাগে। আৰু তেওঁৰ মোচকোছাত কিবা ৰহস্য লুকাই থকা যেন লাগে।
ভাল খবৰ: হয়, দালিৰ যেন মোচকোছাই চিনাকি
সৃষ্টিশ্ৰী ৰাজগুৰু: তেওঁ জীয়াই থকাহেঁতেন, সেই মোচকোছাত ওলমি থাকিলোঁহেঁতেন।
ভাল খবৰ: দালিৰ কোনখন ছবি আটাইতকৈ প্ৰিয়, আৰু কিয়?
সৃষ্টিশ্ৰী ৰাজগুৰু: মোৰ প্ৰিয় দ্য ব্লিডিং ৰোজেছ। তাত মহিলা এগৰাকীৰ স্ত্ৰীৰোগ সম্পৰ্কীয় সমস্যা, ঋতুচক্ৰৰ সমস্যা আদি বৰ ভালকৈ দেখুওৱা হৈছে। এক যোগাত্মকভাৱেৰে তেওঁ দেখুৱাইছে। ছবিখনৰ নামটোৱে ইয়াক স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।
ভাল খবৰ: দালিৰ সৃষ্টিত ন্যুডিটী বৰ স্পষ্ট।সেই সম্পৰ্কে কি কয়?
সৃষ্টিশ্ৰী ৰাজগুৰু: সেই সম্পৰ্কে মোৰ ক’বলগীয়া একো নাই। যিহেতু মই নিজেই ন্যুডিটী ভালপাওঁ।
ভাল খবৰ: আপুনি আপোনাৰ পেইণ্টিঙতো ন্যুডিটী ব্যৱহাৰ কৰিছে।
সৃষ্টিশ্ৰী ৰাজগুৰু: হয়, কৰিছোঁ। ফিগাৰ প্ৰেকটিছ কৰিবলৈ ন্যুড আঁকিয়ে থাকিবলগীয়া হয়। কিন্তু সম্পূৰ্ণ ছবি হিচাপে অৱশ্যে কম আঁকিছোঁ।
ভাল খবৰ: আপোনাৰ কেতিয়াবা এনেকুৱা লাগেনে যে অসমীয়া মানুহে এতিয়াও ভালকৈ ছবিৰ মোল বুজিবলৈ সক্ষম হোৱাই নাই।
সৃষ্টিশ্ৰী ৰাজগুৰু: লাগে। অৱশ্যে এই অভিযোগেৰে সকলোকে সাঙুৰি লোৱা নাই। বহু সংখ্যক লোক আছে সৃষ্টিৰ মোল নুবুজা। মই নিজৰ ক্ষেত্ৰতে এনে প্ৰমাণ পাইছোঁ। অকল মই ন্যুড অঁকা লৈয়েই নহয়, মই কিবা কনচেপচুৱেল আঁকিলেই সেইবোৰ বহুতে আৰ্ট বুলিয়েই নাভাবে। সমাজত ঘটি থকা ঘটনাবোৰেই মই যদি কেতিয়াবা ছবিৰ মাধ্যমেৰে দেখুৱাও, তাতো কিছুমানৰ আপত্তি। কিন্তু এইটো কথাও উল্লেখ কৰিব লাগিব যে বহুতে মোক উৎসাহ-উদ্দীপনাও দিয়ে।
আনহাতে ন্যুড আঁকিলে অদ্ভুত মন্তব্য কিছুমান কৰিব। গতিকে এই গোটেইবোৰ কথা ধৰি এইটোকেইই ক’ম যে কিছুসংখ্যক অসমীয়া মানুহে আৰ্ট বুজি নাপায়।
ভাল খবৰ: এই পৰিৱেশ সলনি কৰিবলৈ কি কৰিব লাগিব বুলি ভাবে?
সৃষ্টিশ্ৰী ৰাজগুৰু: মানসিকতা সলনি কৰাটোৱেই হৈছে প্ৰথম কথা। কিন্তু মানুহক আমিতো কৈয়ো থাকিব নোৱাৰোঁ যে বস্তুবোৰ এনেকুৱা বা তেনেকুৱা। আমি কোৱাৰ সময়ত হয়তো মানুহে বুজি পাব, কিন্তু পাছৰ সময়বোৰত আন কাৰোবাৰ কথা শুনি আকৌ একেটা কথাতে লাগি থাকিব। সকলোৱে যদি নিজে বুজিবলৈ চেষ্টা কৰে, অলপ গভীৰভাৱে যদি কথাবোৰ উপলব্ধি কৰে, তেন্তে মানসিকতা সলনি হৈ পৰিব। এই মানসিকতা সলনি কৰাটো অৱশ্যে সম্পূৰ্ণ ব্যক্তিগত কথা। আমি অঁকাটো আঁকিয়ে যাম, আঁকিয়ে থাকিম। আৰ্ট বস্তুটোৱেই এনেকুৱা যিয়ে আপোনাক কিবা এটা ভাবিবলৈ বাধ্য কৰায়। কেতিয়াবা চিন্তাৰ ক্ষেত্ৰত কিবা এটা খেলিমেলিৰো সৃষ্টি কৰে।
ভাল খবৰ: অসমীয়া শিল্পীৰ মাজতো নতুন নতুন সম্পৰীক্ষা চলিছে। হাইপাৰ ৰিয়েলিজমৰ দৰে আপেক্ষিকভাৱে নতুন জ’নাৰতো অসমীয়া শিল্পীয়ে ছবি আঁকিবলৈ আৰম্ভ কৰিছে। মোৰ ব্যক্তিগত ধাৰণা, এইবোৰে অসমলৈ যোগাত্মক পৰিৱৰ্তন আনিব। এতিয়া কথাটো হ’ল নতুনকৈ এই শিল্পৰ মাজলৈ অহাসকলক আপুনি কি ক’ব বিচাৰে?
সৃষ্টিশ্ৰী ৰাজগুৰু: হাইপাৰ ৰিয়েলিজম এতিয়া বহুতেই ট্ৰাই কৰিছে। আনকি ময়ো আঁকোঁ। কিন্তু হাইপাৰ ৰিয়েলিজমে অকল হাতখনহে পৰিপক্ব কৰিব, মানসিকতা নহয়। নতুনকৈ আৰ্টৰ ক্ষেত্ৰখনলৈ অহাসকলক এটা কথাই ক’ম, যিয়েই আঁকা সম্পূৰ্ণ নিষ্ঠাৰে আঁকিবা।
যিটো জ’নাৰকেই বাছি লোৱা সেইটোতে দক্ষতা অৰ্জন কৰিবলৈ অহোপুৰুষাৰ্থ কৰা আৰু নিজকে এটা সুকীয়া পৰিচয় দিবলৈ যত্ন কৰা। কিন্তু আনৰ ছবিবোৰ চাওঁতে বা বুজোতে তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা নকৰাটোৱেই ভাল।
ভাল খবৰ: ছবিৰ সৈতে আপোনাৰ মনত থকা তিতা মিঠা অভিজ্ঞতাৰ কথা ক’বনে?
সৃষ্টিশ্ৰী ৰাজগুৰু: মিঠা অভিজ্ঞতা মানে, মই নতুন কিবা এখন অঁকাটোৱেই এটা মিঠা অভিজ্ঞতা হৈ পৰে। মোৰ এজন আদৰ্শ আছে, তেওঁৰ নামটো হৈছে বিলাস নায়ক। মই তেওঁলৈ এবাৰ এখন ছবি আঁকি পঠিয়াই দিছিলো। তেওঁ তিনি-চাৰিদিনৰ পিছত উত্তৰ দিছিল আৰু মই অঁকা ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছিল। সেয়া মোৰ বাবে অতি ডাঙৰ কথা। মোৰ লগৰখিনিৰ সৈতে লগে-ভাগে কাম কৰা সময়খিনি মোৰ বাবে মিঠা অভিজ্ঞতা।
তিতা বুলি ক’বলৈ গ’লে মই যেতিয়া কনচেপচুৱেল ছবি আঁকোঁ, তেতিয়া বহুতে ব্যক্তিগতভাৱে মেছেজ দি বেয়াকৈ কয়। এজনে এখন ছবিৰ বাবে মোক ‘কেৰেক্টাৰলেছ’ বুলিও কৈছিল। বহুতে ভালকৈও মেছেজ দিয়ে, কিন্তু বেয়াকৈয়ে বেছি আহে।
ভাল খবৰ: খং উঠেনে?
সৃষ্টিশ্ৰী ৰাজগুৰু: খং দুদিনমান উঠিছিল। আজিকালি হাঁহি উঠে।
ভাল খবৰ: ধন্যবাদ, সময় দিয়াৰ বাবে।
সৃষ্টিশ্ৰী ৰাজগুৰু: ধন্যবাদ

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close