অসমশীৰ্ষ

সুধাকণ্ঠ কবিচক্ৰৰ দ্বাৰা আয়োজিত ” মোৰ দেশ মোৰ কবিতা “ৰ অনুষ্ঠান

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান

১৪ আগষ্ট বুধবাৰে জালুকবাৰী উৰণীয়া সেতুৰ তলত জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ উদ্যোগত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সুধাকণ্ঠ কবিচক্ৰৰ দ্বাৰা আয়োজিত ” মোৰ দেশ মোৰ কবিতা “ৰ অনুষ্ঠানত সভাপতিত্ব কৰে শ্ৰদ্ধাৰ হাচমত আলী দেৱে । কবি সন্মিলনখন সুন্দৰকৈ সঞ্চালনা কৰাৰ বাবে শ্ৰদ্ধাৰ শ্ৰীযুত খগেন্দ্ৰনাথ তালুকদাৰ ডাঙৰীয়া ,নিৰ্দিষ্ট বক্তা শ্ৰীযুত বিপুল শৰ্মা ডাঙৰীয়া, কবি সন্মিলনৰ উদ্ধোধক শ্ৰীযুত উপম শইকীয়া ডাঙৰীয়া, বিশিষ্ট অতিথি শ্ৰীযুত কৰুণাকান্ত বৰ্মণ ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ শ্ৰীযুত অনুপ কুমাৰ তালুকদাৰ লগতে আমন্ত্ৰিত বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিত আহ্বায়ক শ্ৰদ্ধাৰ মিৰ্জা হুমায়ুন কবীৰ ডাঙৰীয়া , জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ দাস ডাঙৰীয়াকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা শতাধিক সন্মানীয় কবিক সুধাকণ্ঠ কবিচক্ৰৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হয়

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close