অসমশীৰ্ষ

সাহিত্যিক সাংবাদিক চলচিত্ৰ নিৰ্মাতা মোলান লস্কৰলৈ সাহিত্যিক পেঞ্চন

ৰূপ জ্যোতি ভূঞা/কামপুৰ

বিশিষ্ট কবি , সাহিত্যিক, সাংবাদিক, সমালোচক, ছবি পৰিচালক, প্ৰযোজক মোলান লস্কৰলৈ এইবেলি আগবঢ়োৱা হৈছে সাহিত্যিক পেঞ্চন ।
কামপুৰৰ লগতে সমগ্র নগাঁও অসমতে পৰিচিত মোলান লস্কৰলৈ আগবঢ়োৱা এই সন্মানৰ বাবে সমগ্ৰ কামপুৰ বাসীয়ে গৌৰৱবোধ কৰিছে । হাইস্কুলীয়া শিক্ষা গ্ৰহণৰে পৰা অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনৰ মজিয়াত নিজৰ পাৰদৰ্শিতা আৰু প্ৰতিভাৰ বলত প্ৰত্যক্ষ ভাৱে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল কামপুৰৰ সুযোগ্য সন্তান মোলান লস্কৰ।লস্কৰে অষ্টমান শ্ৰেণীত পঢ়ি থকা অৱস্থাতে “মানৱ” নামৰ নাটক খনি লিখি ওলিয়াই মনস্থ কৰিছিল ।১৯ ৭৯ চনৰ পৰা নগাৱৰ পৰা প্ৰকাশিত “গণতন্ত্ৰ ” কাকতৰ জড়িয়তে সাংবাদিকতা আৰম্ভ কৰে ।ইয়াতে তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল ।
এগৰাকী সত্য- নিষ্ঠ সাংবাদিক হিচাপেও সমগ্ৰ নগাঁও জিলাৰে এক পৰিচিত নাম।গনত্তন্ৰ ;মহাজাতিক ;অসমীয়া প্ৰতিদিন ;জনমভূমি ;অগ্ৰদূত ;আদি কাকতত সংবাদ সেৱন কৰাৰ লগতে বিভিন্ন ধৰণৰ লেখা মেলা কৰি আহিছিল ।লস্কৰ সামাজিক দায়বদ্ধ সাংবাদিক হিচাপে এটি পৰিচিত নাম ।সাংবাদিকতাৰ লগতে কবিতা ;উপন্যাস আৰু সমালোচনাত্মক গ্ৰন্থ লিখি অদমীয়াৰ সাহিত্যৰ ভড়াললৈ বৰঙণি আগবঢ়াই আহিছে ।
বৰ্তমানলৈকে মোলান লস্কৰৰ প্ৰকাশিত গ্ৰন্থ সমূহ হল=
শতিকাৰচেতনা (নাটক১৯৮০)
চাপৰিবজোৱাৰাইজৰখং (১৯৮১নাটক);
ইতিহাসশুদ্ধনহয় (১৯৮০নাটক) বৰবায়নৰখোল (১৯৮০নাটক)
ভাবিকালৰসংকেট (১৯৮২নাটক); নতুন দিনৰ স্বপ্ন (১৯৮৬গল্)
;ভূপেন হাজৰীকাৰ সামাজিক মূল্যায়ন (১৯৮৬প্ৰৱন্ধ সংকলন)
সুবিধাবাদৰ বৈতৰণীত হোমেন ভূপেন কমৰেদ প্ৰমোদ ইত্যাদি (১৯৯৮প্ৰৱন্ধ সংকলন)
ভূপেন হাজৰীকা আৰু অসম সমস্যা (১৯৯৮ প্ৰৱন্ধ সংকলন);
স্বাধিনতাদিৱস (২০০০নাটক);
নিষিদ্ধপ্ৰেমৰচুমা (২০০২উপন্যাস); টাইটানিকত কনমানি জন বেৰি (২০০২ শিশু গ্ৰন্থ)
ৰজাঘৰৰ ৰোষৰ গণশিল্পী সূৰ্যদাস (২০০১প্ৰৱন্ধ সংকলন)
বিষ্ণুৰাভাৰ উত্তৰসুৰী (২০০৩ কবিতা সংকলন)
দিহাংগীাৰপ্ৰেম (২০০৮উপন্যাস); কৃষক মুক্তি সংগ্ৰামৰ স্বপ;বাস্তৱ আৰু প্ৰতাৰণা (২০১৫ প্ৰৱন্ধ সংকলন)
জাৰাজী ৰণ কুঁৱলিত জয়া (২০১৬উপন্যাস);
কস্তৰীগন্ধা কাজিৰঙা (২০১৮উপন্যাস)।
মোলান লস্কৰ এগৰাকী
ছবি পৰিচালক, প্ৰযোজকো ।বৰ্তমানলৈকে মোলান লস্কৰে পূৰ্ণ তিনি খন দৈৰ্ঘ্য ছৱি;দুখন ছুটি ছৱি আৰু চাৰিখন তথ্য চিত্ৰ নিৰ্মান কৰিছে ।লস্কৰৰ কপিলী পাৰৰ এচোৱা তথ্যচিত্ৰ খনে ৰাইজৰ বিশেষ সনাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।গুবাহাটি দুৰদৰ্শন কেন্দ্ৰৰ যোগেৰে মোলান লস্কৰৰ তিনিখনকৈ ধাৰাবাহিক সম্প্ৰচাৰ হৈছে ।
এইগৰাকী বিশিষ্ট সাহিত্যিক- সাংবাদিকক অসম চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা সাহিত্যিক পেঞ্চনৰ সুখকৰ খবৰে আনন্দিত কৰি তুলিছে সমগ্ৰ কামপুৰ বাসীক। কামপুৰৰ সাংবাদিক সকলৰ তৰফৰ পৰাও
তেওঁক অশেষ শুভেচ্ছা আৰু শুভকামনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close