আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

সমুদ্রপৃষ্ঠত সােণৰ চহৰ

সন্ধান পােৱা গৈছে প্রাচীন শতিকাৰ এখন জাহাজৰ ভগ্নাৱশেষ। যি ভগ্নাৱশেষ প্রায় ১৭০০ শতিকা যুগৰ বুলি প্রমাণিত হৈছে। শেহতীয়া তথ্য অনুসৰি ব্রিটেইনৰ এগৰাকী মৎসজীৱীয়ে ব্রিটেইন কর্ণৱালৰ ২০ মাইল দূৰত্বৰ দক্ষিণ এলেকাত মাছ ধৰিবলৈ গৈছিল। তাতেই সন্ধান পায় এই ভগ্নাৱশেষটো। এই ভগ্নাৱশেষটো আছিল মার্চেন্ট ৰয়েলৰ। ১৬৪১ চনত এই জাহাজখন সমুদ্রত ডুব গৈছিল। আটলান্টিক সাগৰত ডুবি যােৱা এই জাহাজখনত প্রায় ৪৬ হাজাৰ কিঃ গ্রাঃ সােণ আছিল। যাৰ মূল্য আছিল প্রায় ১০০ কোটি ব্রিটিছ পাউণ্ড। ইয়াত অত্যাধিক মাত্রাৰ সােণ থকাৰ বাবেই ইয়াক ‘সমুদ্ৰৰ এল ডােডাে’ অর্থাৎ ‘সােণৰ চহৰ’ বুলি অভিহিত কৰিছিল। আন এক তথ্যত পােহৰলৈ আহে যে এই জাহাজখন মে’িকোৰ পৰা ব্রিটেইনলৈ ওভতাৰ পথত দ্বীপত ধুমুহা বৃষ্টিৰ ফলত জাহাজখন ডুব যায়। আকৃতিৰ প্রতি লক্ষ্য ৰাখিয়েই বিশেষজ্ঞসকলে সেই হাজাখনৰেই ভগ্নাৱশেষ বুলি প্রমাণিত কৰিছে। ১৭০০ শতিকাত যেতিয়া এই সােণভর্তি জাহাজখন সাগৰত ডুব গৈছিল তেতিয়া সেই সােণৰূপৰ সন্ধান বিচাৰি বহু ডুবাৰু সমুদ্রপৃষ্ঠলৈ অৱতৰণ কৰিছিল। বহু ডুবাৰুৰ অসাৱধানবশত মৃত্যুও হৈছিল। সেয়ে প্রত্নতত্ববিদসকলে এই ঠাইখনক জাহাজ দুর্ঘটনাৰ মূল স্থান বুলিয়ে অভিহিত কৰি আহিছে। অন্যহাতে এই ভগ্নাৱশেষবিধক লৈ গৱেষণা আৰম্ভ কৰাৰ সমান্তৰালকৈ ইয়াৰ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে মিলবার্ণ নামৰ এগৰাকী ব্যক্তিয়ে। উল্লেখ্য যে শেহতীয়াকৈ সন্ধান পােৱা সেই জাহাজখনৰ ভগ্নাৱশেষক লৈ গৱেষণা অব্যাহত ৰখাৰ সময়তে বহু ৰহস্যও উদঘাটন হৈছে। সেই ৰহস্যৰ প্রতি লক্ষ্য ৰাখিয়েই গৱেষকসকলে বহু পৰীক্ষানীৰিক্ষা অব্যাহত ৰাখিছে। হয়তাে আগন্তুক সময়ত বহু নজনা তথ্য পােহৰলৈ আহিব বুলি গৱেষকসকলে দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close