শ্ৰেণীবিহীন

সমন্বয়ৰ বাৰ্তা লৈ উত্তৰ -পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন,সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ

Jayanta Kalita, নগাঁও

যোৱা ১১ তাৰিখে নগাঁও জিলাৰ  ৰহাৰ ত সমন্বয়ৰ  বাৰ্তা লৈ উত্তৰ -পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন,সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসমৰ নগাঁও জিলা সমিতি আৰু “কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ,” অসম । একেখন মঞ্চত সভা আৰম্ভ কৰে।
  সমন্বয়ৰে আৰম্ভ কৰা  মঞ্চত  অনিল চন্দ্ৰ মুদৈয়ে  সভাপতিত্ব কৰে।সভাত সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ নগাঁও জিলাৰ সম্পাদক অপূৰ্ব কুমাৰ দাসে ভবিষ্যত কাৰ্যপন্থা সম্পৰ্কে সিদ্ধান্ত জনাই আকৌ উত্তৰ -পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কৰ্মকৰ্তা সকলে তেওঁলোকৰ ভবিষ্যত দৰ্শন সম্পৰ্কে অবগত কৰে। “কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ,অসমৰ মুখ্য প্ৰশাসক চবিন চন্দ্ৰ নাথে বিগত  আৰু ভবিষ্যত কাৰ্যসূচী গ্ৰহণ কৰা সম্পৰ্কে ব্যাখ্যা কৰি  সভাত “কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ, অসম”।
গোটৰ নগাঁও জিলাখন কমিটিখন  গঠন কৰা কৰে।সভাপতি ৰিজুমণি দেৱী আৰু সম্পাদক হাইচ উদ্দিন আহমেদ লৈ এখন কমিটি গঠন কৰা হয়। উক্ত  সভাত প্ৰায় ২০ জন কবিয়ে কবিতা পাঠ কৰে ।যেনে প্ৰদীপ দাস ,অপূৰ্ব কুমাৰ দাস, ৰিজুমণি দেৱী ,বেলা মুদৈ,ৰশ্মিৰেখা  কাশ্যপ,হাইচ উদ্দিন আহমেদ,  ববিতা কাকতি,অৰূপ হাজৰিকা, ৰূপী শইকীয়া, চবিন চন্দ্ৰ নাথ, চুমন হাজৰিকা, মৃদুল দাস,ৰেকিবুল আজাদকে ধৰি আৰু বহুতো ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close