অসম

সত্ৰনগৰী বৰপেটাত মদ্ভাগৱত ৰথযাত্ৰা

সৰভোগৰপৰা চলমান আলি আৰু প্ৰীতিষা গোস্বামী, ভাল খবৰ: মহাপুৰুষ শঙ্কৰদেৱৰ নৱবৈষ্ণৱ সংস্কৃতিক অধিক শক্তিশালী ৰূপত অসমৰ সমাজ জীৱনত দাঙি ধৰাৰ নিমিত্তে আজি আবেলি ৪ বজাত সত্ৰনগৰী বৰপেটাৰ সৰভোগত মদ্ভাগৱত যাত্ৰা আহি উপস্থিত হয়। শ্ৰীমন্ত শঙ্কৰদেৱ যুৱমঞ্চৰ সভাপতি তথা ভাগৱত ৰসসিন্ধু উপাধিৰে বিভূষিত সন্মানীয় ৰিজু পাঠক, বিশিষ্ট, সাহিত্যক, সত্ৰাধিকাৰ প্ৰফুল্ল প্ৰাণ মহন্তৰ নেতৃত্বত প্ৰায় কুৰিজন বৈষ্ণৱ ভকতৰ দলটোৱে হৰিধ্বনিৰে আহি সৰভোগৰ মইনবড়ী সত্ৰত প্ৰৱেশ কৰে। সত্ৰৰ প্ৰৱেশ পথত বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী, চকাবাউসী সত্ৰৰ সত্ৰাধিকাৰ খগেন চন্দ্ৰ মহন্তই ৰথযাত্ৰাৰ দলটোক আদৰনি জনায়।

সত্ৰৰ মজিয়াত ভাগৱত ৰথযাত্ৰা কৰা দলটোৰ সত্ৰাধিকাৰ প্ৰফুল্ল প্ৰাণ মহন্ত আৰু ৰিজু পাঠকে এখন ভাগৱত সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। ভাগৱত ৰথযাত্ৰাৰ দলটোৱে সন্ধিয়া ৫ বজাত সৰভোগৰ মইনবড়ী সত্ৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হয়। উল্লেখ্য যে, ভাগৱত ৰথযাত্ৰাৰ দলটোৱে আঠখেলীয়া নামঘৰ, গুৰুজনাৰ জন্মস্থান বৰদোৱা, বস্ত্ৰনগৰী শুৱালকুছি, দৰং মংগলদৈকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি আজি আহি বৰপেটাত উপস্থিত হয়। ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ মাজখোৱা সাংস্কৃতিক প্ৰকল্পত এই যাত্ৰাৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close