চলচ্চিত্ৰজগতবিনোদনবিশেষশীৰ্ষ

সঞ্জু ইজ্ বেক

কানাড়া ছবি কেজিএফৰ কথাই সুকীয়া।দাক্ষিনাত্যৰ ষ্টাইলিছ ষ্টাৰ য়েশ কেজিএফ ৰ চেপ্তাৰ ১ এ দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।বিগত বৰ্ষত মুক্তি পোৱা ছবি খনে ৰাষ্ট্ৰীয় পুৰষ্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে ছবিগৃহত শ্বাহৰুখ, ছলমানৰ ছবিক পৰাস্ত কৰিছিল। য়েশৰ অভিনয়ে দৰ্শকক টানি আনিছিল। পিছে এই বাৰ সংকতত য়েশ| কাৰণ কেজিএফৰ ছিকুৱেলত থাকিব সঞ্জয় দত্ত। য়েশৰ বিপৰিতে খলনায়কৰ চৰিত্ৰত সঞ্জয় চুক্তিবদ্ধ হৈছে। দীৰ্ঘদিন কাৰাগাৰত থকাৰ পিছত ছঞ্জু বাবাৰ ছবিৰ বাবে অনুৰাগী পাগলৰ দৰে হৈ আছে। একেদৰে সঞ্জয় দত্তয়ো অভিনয়ৰ বাবে উদ্গ্ৰীৱ হৈ আছে। এনে অৱস্থাত সঞ্জয়ৰ বিপৰীতে অভিয় কৰিবলৈ যেথেষ্ট কষ্ট কৰিব লাগিব য়েশে। ছবিখনৰ বিষয়বস্তু যিহেতু সোণ মাফিয়াৰ ওপৰত, সেয়ে অভিনয় নিখুত কৰিব লাগিব য়েশে। কাৰণ সকলোৱে জানে মাফিয়া, ডন বা ভাইৰ চৰিত্ৰত সঞ্জয় দত্ত কিমান পাকৈত। ইপিনে ছবিখনত থাকিব ৰবীনা টেণ্ডনো। লগতে থাকিব শ্ৰীনিধি চেট্টী, অনন্ত নাগ আদি। ২০২০ বৰ্ষৰ এপ্ৰিলত কেজিএফ মুক্তি পোৱাৰ কথা। যাক লৈ এতিয়া ছবি জগতত তীব্ৰ উতকণ্ঠাই বিৰাজ কৰিছে বি টাউনত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close