অসমবিশেষশীৰ্ষ

শৰাইঘাট দলংৰ অনুৰূপ আৰ্হিত নিৰ্মান নেতাজী সেঁতুৰ

৫ লক্ষাধিক টকা ব্যয় সাপেক্ষে বাঁহেৰে নিৰ্মান কৰা হয় এই সেতু

বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈৰ ওপৰত নিৰ্মান কৰা এখন বিশেষ বাঁহৰ দলং এ এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বৃহত্তৰ তামুলপুৰৰ লগতে সমগ্ৰ ৰাজ্যত। ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত আজিলৈ চৰকাৰ তথা বিভাগীয় লোকে এখন পকী দলং নিৰ্মান নকৰাৰ ফলত বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জ্বলা-কলা খাই আহিছে বহু হেজাৰ হেজাৰ কৃষিজীৱী লোক, ছাত্র-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা জন প্ৰতিনিধি সকলক মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে পকী দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ ফলত অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকে ৰদ, বতাহ, বৰষুণকো নেওচি বাঁহৰ দলং এখন নিৰ্মানৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত অঞ্চলটোৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে কালি দলংখনৰ নিৰ্মান কাৰ্যনসমূৰণ কৰে। আজিৰে পৰা প্ৰায় দুমাহ আগৰে পৰা নিৰ্মান কাৰ্য চলাই থকা বাঁহৰ দলং খন আজি আনুষ্ঠানিক ভাৱে এক মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে অঞ্চলটোৰ বয়োজেষ্ট বৃদ্ধ এজনে। যাক লৈ এতিয়া চৌদিশে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে আনন্দিত হৈ পৰিছে অঞ্চলবাসী। অঞ্চলটোৰ কেইবাজনো লোকে নিজৰ গাঁঠিৰ ধন খৰছ কৰি ৫ লাখ টকাৰো অধিক ধন ব্যয় কৰি অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত থকা শৰাইঘাট দলংৰ অনুৰূপ আৰ্হিৰে সাজি উলিয়াইছে এইখন বিশেষ আৰ্হিৰ বহু দীঘলীয়া বাঁহৰ দলং। যাৰ বাবে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই বাঁহৰ দলংখনে অঞ্চলটোৰ লোক সকলে জানিবলৈ দিয়া মতে, বাৰিষাৰ সময়ছোৱাত ভূটান পাহাৰৰ পৰা ফেনে ফুটকাৰে বৈ অহা খৰস্ৰোতা মটঙা নৈৰ বাঢ়নী পানীৰ ফলত স্তব্ধ হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ জনজীৱন। বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ উপৰিও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও বাৰিষা কালত যাব নোৱাৰে শিক্ষানুষ্ঠানলৈ। ফলত বাৰিষাৰ সময়ত বঞ্চিত হব লগা হয় শিক্ষা গ্ৰহণৰ পৰা। বাৰিষা কালত দলং নথকাৰ বাবেই অঞ্চলটোলৈ আহিব নোৱাৰে এখন এম্বুলেঞ্চ বা ১০৮ সেৱা। যাৰ বাবে চৰকাৰৰ আশা ত্যাগ কৰি এতিয়া ৰাইজে নিজেই সাজি উলিয়াইছে বাঁহৰ দলংখন আৰু বুধবাৰে আনুষ্ঠানিক ভাৱে এক মাংগলিক পৰিৱেশৰ যোগেদি উদ্বোধন কৰা হয় সেতুটি। বাৰিষা কালত নৈখন পাৰ হবলৈ গৈ বহু লোকে অকালতেই প্ৰাণ ও হেৰুৱাইছে। উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে এক প্ৰকাৰ চৰকাৰৰ ওপৰত আশা বাদ দি নিৰ্মান কৰি সুচল কৰিলে নাগ্ৰীজুলি-কাউলি-কুমাৰীকাটা অঞ্চলৰ লোকৰ যাতায়ত ব্যৱস্থা। আজি দলংখন মুকলি হোৱাৰ পিছত উৎফুল্লিত হৈ পৰা দেখা যায় অঞ্চলটোৰ সৰ্ব সাধাৰণ ৰাইজ আৰু ছাত্র-ছাত্ৰী সকল

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close