ৰাষ্ট্ৰীয়শীৰ্ষ

মিছন ৰফতাৰ

এটা সময়ত সকলােৰে মুখে মুখে আছিল বুলেট ট্রেইনৰ কথা। ভাৰতে বুলেট ট্রেইন নির্মাণৰ বাবে ইতিমধ্যে বিভিন্ন পৰিকল্পনা প্রস্তুত কৰি সেই অনুসাৰে আগবাঢ়িছে। জাপান আৰু চীনৰ লগত বুলেট ট্রেইন নির্মাণৰ ক্ষেত্ৰত প্রয়ােজনীয় কাৰিকৰী পৰামর্শ গ্রহণ কৰিছে ভাৰতে অৱশ্যে বুলেট ট্রেইনৰ সপােন পূর্ণ হ’বলৈ আৰু কেইবাটাও বছৰ লাগিব দেশবাসীক। এনে অৱস্থাত দেশৰ যােগাযােগৰ দ্রুত উন্নয়নৰ বাবে ৰেল বিভাগে লৈছে এক নতুন পদক্ষেপ।‘মিছন ৰফতাৰ তাৰেই নাম। ২০১৬-১৭ চনৰ ৰেল বাজেটত মিছন ৰফতাৰক চামিল কৰিছিল কেন্দ্রীয় চৰকাৰে। আৰু শেহতীয়াভাৱে এই আঁচনিৰ যােগেদি পাঁচ বছৰত সকলাে ট্রেইনত গড় বেগ ২৫ কিলােমিটাৰ প্রতি ঘণ্টা কৰা হ’ব। কিন্তু এনেদৰেও বুলেট ট্রেইনৰ বেগ লাভ কৰা সহজ নহ’ব। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে দেশৰ কেইবাখনাে ৰেলক দ্রুতৰ পৰা দ্রুততৰ কৰাৰ বাবে অনুমতি প্রদান কৰিছে। ইয়াৰে অংশ হিচাপে মুম্বাই আৰু দিল্লী সংযােগী ৰাজধানী এপ্ৰেছক লােৱা হৈছে। এতিয়াৰে পৰা মুৰ্খাই আৰু দিল্লী সংযােগীৰাজধানী এপ্ৰেছ প্রতিঘণ্টাত ১৬০ কিলােমিটাৰ বেগেৰে গতি কৰিব। পূৰ্বতে ইয়াৰ গতিবেগ আছিল ১৩০ কিলােমিটাৰ প্রতি ঘণ্টাত। গতি বৃদ্ধি ঘটোৱাৰ পাছতেই দিল্লী আৰু মুম্ফাইৰ দূৰত্ব হৈ পৰিব মাত্র ১০ ঘণ্টাৰ। নতুন চৰকাৰৰ প্রথম এশদিনীয়া কার্যনীতিত ইয়াক স্থান দি ৰেল মার্গেৰে যাতায়াত ব্যৱস্থা উন্নত কৰি তােলাৰ আঁচনি প্রস্তুত কৰি তােলা হৈছিল। অকল দিল্লী-মুম্বাইয়ে নহয়, দিল্লী-হাওৰা ৰাজধানী এপ্ৰেছৰ গতিও ১৬০ কিলােমিটাৰলৈ বৃদ্ধি কৰা হ’ব। একেদৰে হাওৰা-চেন্নাই, চেন্নাই-মুম্বাই, দিল্লী-চেন্নাই আৰু হাওৰা-মুম্ফাই মাৰ্গৰ কিছু ট্রেইনক চিনাক্ত কৰি ইয়াৰ গতিবেগ ১৬০ কিলােমিটাৰলৈ বৃদ্ধি কৰা হ’ব। এই গতিত যাবলৈ সক্ষম হলেই বুলেট ট্রেইনৰ দিশলৈ আৰু এখােজ আগুৱাই যাব ভাৰতবর্ষ। উল্লেখ্য যে এই মার্গেৰে দেশৰ ৫৮ শতাংশ যাতায়াত হয়। এনে অৱস্থাত ৰেলমার্গ দ্রুত হৈ পৰিলে সময় ৰাহি হােৱাৰ লগতে দেশৰ আৰ্থনৈতিক বুনিয়াদো টনকীয়াল হৈ পৰিব।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close