অসম

শ্বিলঙত ভিভাণ্টা হােটেল স্থাপনৰ চুক্তি

ভিভাণ্টা হােটেলেৰে মেঘালয়ৰ শ্বিলঙত প্রৱেশ ইণ্ডিয়ান হােটেল কোম্পানী লিমিটেডৰ

দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ হস্পিটেলিটি প্রতিষ্ঠান ইণ্ডিয়ান হােটেলছ কোম্পানী লিমিটেডে (আইএইচচিএল) মেঘালয়ৰ শ্বিলঙত এখন ভিভাণ্টা হােটেল স্থাপনৰ চুক্তি সম্পাদন কৰিছে। অ’ৰা হােটেলছ এণ্ড ৰিজ’ৰ্টছ প্রাইভেট লিমিটেডৰ সহযােগত স্থাপন কৰা হ’ব এইখন ভিভাণ্টা হােটেল। এই চুক্তি সন্দৰ্ভত আইএইচচিএলৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া পুনীত চাকৱালে কয়—‘এছপাইৰেচন ২০২২ ৰ সৈতে সংগতি ৰাখি আৰু দেশৰ মুখ্য চহৰসমূহত সম্প্রসাৰণৰ উদ্দেশ্যে শ্বিলঙত ভিভাণ্টা হােটেল স্থাপনৰ চুক্তি সম্পন্ন কৰা হৈছে। এই চুক্তিয়ে উত্তৰ-পূব ভাৰতৰ প্রতি আমাৰ প্রতিশ্রুতিক প্রতিফলিত কৰে। এই হােটেলৰ বাবে অ’ৰা হােটেলছ এণ্ড ৰিজৰ্টছ প্রাইভেট লিমিটেডৰ সৈতে সহযােগিতা স্থাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত। পর্যটক আৰু ব্যৱসায়ীসকলক আকৰ্ষণৰ উদ্দেশ্যে শ্বিলঙৰ পুলিচ বজাৰত স্থাপন কৰা হৈছে ভিভাণ্টা হােটেল। এই হােটেলত সংযােজন কৰা হ’ব এশটা আটকধুনীয়া কোঠা। লগতে সংযুক্ত থাকিব মাল্টি-কুইজিন ৰেষ্টুৰেণ্ট, বিক্রিয়েচন ফেচিলিটি আৰু আলােচনাৰ বাবে আধুনিক কোঠা। এই হােটেলৰ ইন্টেৰিঅ’ৰ ডিজাইনাৰ হিচাপে নিযুক্ত কৰা হৈছে কুৱালালামপুৰৰ আৰডিএম ডিজাইন এছডিএনবিএইচ ডিক। অহা ২০২০ৰ মাজভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব শ্বিলংস্থিত এই নতুন ভিভাণ্টা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close