বিশেষশীৰ্ষস্বাস্থ্য

শেৱালিৰ সুগন্ধি আৰু ঔষধি গুণ

কৈলাশ ইংতি

শেৱালি ফুল কেৱল এবিধ সুন্দৰ তথা সুগন্ধিযুক্ত ফুলেই নহয়,ঔষধ হিচাপেও ইয়াৰ বিশেষ মহত্ব ৰৈছে আৰু আয়ুৰ যুগৰ পৰাই শেৱালি ফুলক মানৱ জীৱনত ঔষধি হিচাপে ব্যৱহাৰো কৰি অহা হৈছে।এই গছৰ প্ৰতিটো অংগই মূল্যবান।ইয়াৰ বৈজ্ঞানিক নাম Adansoniya Digitata।
আহকচোন আজি শেৱালি ফুলৰ কেইটিমান ঔষধি গুণৰ বিষয়ে আলোচনা কৰোঁ…
১)শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰসে তেজ পৰিষ্কাৰ কৰে ।
২)অকালতে চুলি পকিলে বা চুলি সৰিলে আদি শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।
৩)শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই ভাজি কৰি খালে পাচনশক্তি বা হজম শক্তি বৃদ্ধি হয়।
৪) জ্বৰ হলে বা চৰ্দি লাগিলে,মাত ভাঙিলে এই গছৰ কুমলীয়া পাতৰ ৰস খালে আৰোগ্য পোৱা যায়।
৫)Irritable bowel syndrome (IBS) বা পেট খুচমাৰি বাৰে বাৰে পাইখানা হলে ইয়াৰ কুমলীয়া পাতৰ ৰস অলপ চেনী মিলাই খালে উপক্ষম পোৱা যায়।
৬) খজুৱতি দাদ হলে ফ্ৰেচ পাত গছৰ পৰা চিঙি আনি পিয়ৰ মিঠাতেলত উতলাই লৈ সেই উপকৰণ টি দাদ হোৱা ঠাইত লগালে উপক্ষম পোৱা যায়।
৭) পাইলচৰ বা হেমৰইডচ্ দৰে মৰাত্মক ৰোগৰ চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়।শেৱালি ফুলৰ বীজ পেষ্ট বনাই লৈ আক্ৰান্ত ব্যক্তিয়ে বাহ্যিক ভাৱে (Paste is applied externally on the piles) তেনে স্থানত লগালে উপক্ষম পোৱা যায়।
ইয়াৰোপৰি মহানিম বা তুলসী গছৰ দৰে এই গছৰো বায়ু বিশুদ্ধ কৰা গুণ আছে। সেয়েহে আপোনাৰ ফুলনিত নহলে বাৰীৰ কোনোবা এটা চুকত হলেও এজোপা এই গুণকাৰী শেৱালি ফুলৰ গছ ৰোৱক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close