আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

শীর্ষস্থানত ৰবৰ্ট

মানুহৰ সমান্তৰালকৈ ৰবৰ্টেও আগস্থান লাভ কৰিছে সমগ্র বিশ্বত। ইতিমধ্যে কেইবাখনাে হােটেল, কর্মস্থলী আদিত ৰবৰ্টে মানুহৰ সমানেই কাম কৰি নিজ কর্মদক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি চফিয়া নামৰ ৰবৰ্টটোৱে সমগ্র বিশ্বতে এক খলকনিও সৃষ্টি কৰিছে। শেহতীয়াকৈ এনে এক তথ্যই পােহৰলৈ আহিছে। ব্রিটেইনৰ এখন চেলুনত প্রায় সংখ্যক কামেই ৰবৰ্টৰ দ্বাৰা সম্পাদন কৰা হৈছে। চুলি কটাবলৈ বুকিং কৰা, ফোন ৰিচিভ কৰা, গ্রাহকৰ অভিযােগ গ্রহণ কৰা ইত্যাদি কামবােৰ ৰবৰ্টে কৰিব লৈছে। এই ৰবৰ্ট সদৃশ বিশেষ যন্ত্রবিধৰ নাম ‘গুগল ডুপ্লে”। সাইলাখ মানুহৰ দৰেই কথা ক’ব পাৰে এই যন্ত্রবিধে। কৃত্রিম বুদ্ধিমত্তাই বর্তমান এই পর্যায়লৈ গতি কৰিছে। কেইদিনমান আগলৈকে ব্রিটেইনৰ সেই চেলুনখনত এই সমূহ কাম কৰিবলৈ এজন সহায়কাৰী লােক আছিল। কিন্তু বর্তমান এই যন্ত্রবিধ অনাৰ পিছত লােকজনৰ ঠাই দখল কৰে এই ৰবৰ্ট সদৃশ যন্ত্ৰটোৱে। দর্শনিক কালমা’ে পূর্বেই কেছিল যে পৃথিৱীত পিছলৈ মানুহৰ সমান্তৰালকৈ ৰবৰ্টেও আগস্থান লাভ কৰিব। সেই কথা যেন বর্তমান আখৰে আখৰে মিল খাইছে। উৎপাদন ব্যৱস্থাত যেতিয়া যন্ত্রপাতি যুক্ত হ’ব তেতিয়া শ্ৰমৰ ধৰণাে সলনি হয়। এক কথাত কবলৈ গ’লে সমগ্র বিশ্বই যেন এতিয়া যন্ত্রপাতিৰ হাতােৰাত সােমাই পৰিছে। ব্রিটেইন হাটফোর্ডচায়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰচেলা হিউজৰ মন্তব্য অনুসৰি দার্শনিক কার্লমা’ে এই বিষয়টোক অতি গুৰুত্বপূৰ্ণভাৱে উপলব্ধি কৰিব পাৰিছিল। অধ্যাপকগৰাকীৰ মন্তব্য অনুসৰি বর্তমান যন্ত্রপাতিয়ে মানৱ জীৱনত ইমানেই প্রভাৱ বিস্তাৰ কৰিছে যে যন্ত্রপাতি এতিয়া মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইয়াৰ ফলত সকলাে কাম অতি কম সময়ৰ ভিতৰতে সম্পূর্ণ হৈ উঠিছে। শেহতীয়াকৈ ব্রিটেইনত ব্যৱহাৰ কৰা আধুনিক যন্ত্ৰটো যদি বর্তমান প্রত্যেক প্রতিষ্ঠানে আদৰি লয় তেন্তে শ্ৰমিকসকল যে কিছু ক্ষেত্রত এলাগী হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে, বিভিন্নজন গৱেষকে ভিন্ন মত আগবঢ়াইছে। কোনােৱে ইতিবাচক, কোনােৱে নেতিবাচক। এতিয়া প্রশ্ন হয় কোনটো দলে প্রাধান্য লাভ কৰিব। তথাপিও সকলােৱে যেন এক ইতিবাচক সিদ্ধান্তৰ বাবে আশাৰে বাট চাই ৰৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close