অসমভাল খবৰশীৰ্ষ

শাৰিৰীক বাধা নেওচি বৃহত্তৰ চাংসাৰিত উজ্জ্বলি উঠিল আঠিয়াবৈৰ পল্লবী

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিৰ সমীপৱৰ্তী আঠিয়াবৈৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি কাঢ়ি আনি দেখুৱাই দিলে যে প্ৰতিবন্ধকতা সফলতাৰ হেঙাৰ হব নোৱাৰে।

বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বৃহত্তৰ চাংসাৰি অঞ্চলত মিশ্ৰিত আছিল আৰু তাৰে মাজৰে এইগৰাকী বিশেষভাৱে সক্ষম ছোৱালী পল্লবী কলিতাই দেখুওৱা ফলাফলত অঞ্চলবাসীৰ লগতে তেওঁ অধ্যয়ন কৰা শিক্ষানুষ্ঠান মধ্য কামপীঠ কণিষ্ঠ মহাবিদ্যালয়, বোৰ্কাৰ শিক্ষাগুৰু সকল যথেষ্ট আনন্দিত হৈ পৰিছে।

বিশেষ ভাৱে সক্ষম পল্লবীয়ে নিজৰ ঘৰৰ পৰা ৩ কি:মি: পথ প্ৰতিদিনে খোজ কাঢ়ি আহি অধ্যয়ন কৰি শাৰিৰীক বাধা নেওচি নিজৰ অধ্যৱসাইৰ বাবে এনে সফলতা আজুৰি আনিবলৈ সক্ষম হোৱাত মহাবিদ্যালয় খনৰ অধ্যাপক, অধ্যাপিকাৰ লগতে অঞ্চলবাসী সকলোৱে পল্লবীক উৎসাহ প্ৰদান ও প্ৰশংসা কৰিছে।

ভালদৰে কথা কব, খোজ কাঢ়িব আৰু লিখিব নোৱাৰা পল্লবীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগ পোৱাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এগৰাকী ছাত্ৰীক সহায়িকা হিচাপে লৈ এনেদৰে প্ৰথম বিভাগ দখল কৰাত অঞ্চলবাসী সমস্তৰে পল্লবীৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ ৰোৱাত পুত্ৰীৰ সফলতাৰ বাবে পিতৃ বীৰেন কলিতা আৰু মাতৃ বাসন্তী কলিতাৰ মুখতো হাঁহি বিৰঙি উঠিছে। পল্লবীৰ এই সফলতাই শাৰীৰিক দুৰ্বলতাই যে উন্নতি ও সফলতাত হেঙাৰ হ’ব নোৱাৰে সেইটো প্ৰতিপন্ন কৰাত অঞ্চলটোৰ উঠি অহা ছাত্ৰ-ছাত্ৰীৰ মাজতো এক নতুন উৎসাহ জাগ্ৰত হৈছে আৰু তেওঁলোকে ভৱিষ্যতলৈ ভালদৰে অধ্যয়ন কৰি ভাল ফলাফল দেখুৱাব পাৰিব বুলি পল্লবীৰ ফলাফলৰ পৰা প্ৰেৰণা লাভ কৰিছে।

শাৰীৰিকভাৱে অক্ষম পল্লবীয়ে সৰুৰে পৰা শাৰীৰিক বাধাৰ মাজেৰে যথেষ্ট কষ্ট সহ্য কৰি আজি এনে ধৰণৰ সফলতা লাভ কৰি খোদ পল্লৱীয়েও আনন্দিত হৈ পৰিছে আৰু তাইৰ এই সফলতাত অৰিহণা যোগোৱা মাক-দেউতাকৰ উপৰিও বন্ধু-বান্ধৱী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষী সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও অনাগত সময়ত সকলোৰে সহযোগিতা লাভ কৰি উচ্চ শিক্ষা লাভৰ আশা প্ৰকাশ কৰিছে। বিশেষ ভাৱে সক্ষম পল্লৱী কলিতাৰ এনে ধৰণৰ সফলতাৰ পিছত তেওঁৰ আশা বাস্তৱত পৰিণত কৰিবলৈ অঞ্চলটোৰ দল সংগঠন সমূহক আগবাঢ়ি অহাৰ আশা প্ৰকাশ কৰি বৰ্তমানৰ জালুকবাৰীৰ বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে অসম চৰকাৰক শাৰীৰিক বিশেষভাৱে সক্ষম ছাত্ৰী গৰাকীক আৰ্থিক সহায় সহযোগিতা আগবঢ়াই ছাত্ৰী গৰাকীৰ উচ্চ শিক্ষা লাভৰ মনৰ আশা পূৰণ কৰিবৰ বাবে অঞ্চলবাসী ৰাইজ তথা শুভাকাংক্ষীসকলে আহ্বান জনাইছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close