অসমশিশু

শান্তিপুৰত শিশু সুৰক্ষা বাবে বিশেষ গ্ৰন্থ উন্মোচন

মালিগাঁৱৰপৰা হিৰুল হক, ভাল খবৰ: আজি গুৱাহাটীৰ শান্তিপুৰৰ বিন্দু স্মাৰ্ট সংস্থাৰ কাৰ্যালয়ত উন্মোচন কৰা হয় শিশুৰ এখন বিশেষ গ্ৰন্থ। শিশু সুৰক্ষা আৰু সজাগতাৰ বাবে বিশেষভাৱে লিখি উলিয়াইছে এই পুথিখন। লেখিকা মালবিকা চৌধুৰীয়ে শিশুক যৌন অত্যাচাৰৰ পৰা সুৰক্ষা প্ৰদান আইন, ২০১২(POCSO)ৰ সৱিশেষয়ো উল্লেখ কৰিছে গ্ৰন্থখনত। শিশুসকলে যাতে গ্ৰন্থখন পঢ়ি নিজেই সজাগ হ’ব পাৰে তাৰ বাবে লেখিকাগৰাকীৰ এই প্ৰয়াস। বৰ্তমান সমাজত শিশু বলাৎকাৰৰ দৰে ঘটনা দিনক দিনে বৃদ্ধি পাইছে। কিন্তু এইক্ষেত্রত শিশু তথা অভিভাৱকসকলে ভয় বা লাজত লুকাই ৰাখে এনেবোৰ ঘটনা।

‘আমাৰ সজাগতাই আমাৰ সুৰক্ষা’ শীৰ্ষক গ্ৰন্থখনত শিশুসকলে কেনেদৰে নিজকে বচাই ৰাখিব লাগে আৰু বিভিন্ন আইনী প্ৰক্ৰিয়াৰ কথাও গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। তদুপৰি প্ৰায় শতাধিক শিশুৰ সন্মুখত উন্মোচন এই শিশুৰ হাতপুথিখন। ইফালে এই উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জু মজুমদাৰ, সবিতা দেৱী, ঐক্য সেনা অসমৰ সভাপতি সঞ্জীৱ মহন্ত, বিশিষ্ট লেখক দেৱৰাজ কলিতাৰ লগতে শ্বহিদুল ইছলাম আৰু অনিমা শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য যে শিশুৰ মনোপযোগীকৈ ৰচিত এই গ্ৰন্থখনে শিশুসকলৰ লগতে অভিভাৱকসকলকো যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী লেখিকা মালবিকা চৌধুৰী।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close