অসমবিশেষভাল খবৰশীৰ্ষসাংস্কৃতিক

লেখকৰ ৰূপত বাঁহী বাদক দীপক শৰ্মা

যাযাবৰ মিন্টু শৰ্মা: 

বাঁহীৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ দক্ষতা প্ৰমান কৰা দীপক শৰ্মাই হঠাৎ লেখকৰ ৰূপত ৷ যিজন শিল্পীয়ে নিজৰ চিফুংৰ সুৰেৰে জগত জিনিবলে সক্ষম হৈছিল। নলবাৰীৰ পৰা চাইকেলেৰে গুৱাহাটিলৈ আহি নিজৰ প্ৰতিভা প্ৰকাশ কৰিব বিচাৰিছিল যদিওঁ সুযোগ পোৱা নাছিল কিন্তু নিজৰ দক্ষতাৰে তেওঁ প্ৰতিভা বিকশিত কৰিব পাৰিলে আৰু ৰাইজৰ সমাদৰেৰে প্ৰায় পঞ্চলিছ বাৰৰ অধিক ভাৰতবৰ্ষ বাহিৰত নিজৰ প্ৰতিভাৰে বাঁহী সুৰেৰে ৰাইজৰ মন চুবলৈ সক্ষম হয়।

তেওঁ আপোন ঠাই গাঁৱৰ বোকা পানী। যোৱা বৰ্ষ তেওঁ ৰাইজলৈ আগবঢ়াই তেওঁ বাঁহী যাত্ৰাৰ এখন গ্ৰন্থ ‘বেদুইন যাত্ৰাৰ মালিতা’। বেদুইন যাত্ৰা মালিতাখন যোৱা বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত চন্দ্ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰে। তাৰ বাহিৰে নলবাৰীত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ সহযোগত নলবাৰী নাট্য মন্দিৰত প্ৰচাৰ চলায়। তদুপৰি বাক্সাৰ বড়িমুখৰ দৌল উৎসৱতো প্ৰচাৰ কৰে বেদুইন যাত্ৰাৰ৷

সহযোগিতাৰ বাবে ধন্যবাদ জনাই কবি মিন্টুক ৷ আগলৈ আৰু কিতাপৰ কাম হাতত ল’বলে ইচ্ছা থকা বুলিও প্ৰকাশ কৰে দীপক শৰ্মাই৷ তেওঁ ভাল পাই সৃষ্টি ৷ ভাল পাই কৰ্ম কৰি ৷ আগলৈ বহু কাম কৰিবলৈ বাকী আছে বুলিও প্ৰকাশ কৰে।

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close