অসমচিন্তাজগতভাল খবৰশীৰ্ষ

লংকাত এগৰাকী বন বিষয়াৰ অভিনৱ পদক্ষেপ

২৫ হেক্টৰ ভূমিত ভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰে সেউজ বিপ্লৱৰ সূচনা

লংকাৰপৰা মনোজ মাজুমদাৰ, ভাল খবৰ: পৰিবেশৰ প্ৰতি দায়বদ্ধতা তথা বন সংৰক্ষণৰ কথা চিন্তা কৰি নিজে হাতে কামে লাগিছে এজন বনবিষয়াই ৷ নাম তেওঁৰ বীৰেন্দ্ৰ কুমাৰ দাস৷ লংকা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া হিচাপে কৰ্মৰত তেওঁ।

শেহতীয়াকৈ এই গৰাকী বন বিষয়াই নিজা প্ৰচেষ্টাৰে নামি পৰিছে বনানীকৰণত। উল্লেখ্য যে, লামডিং সংৰক্ষিত বনাঞ্চলৰ লংকাজান ৰেঞ্জ এলেকাৰ নতুনবস্তি অঞ্চলত প্ৰায় পঁচিশ হেক্টৰ ভূমিত বনানীকৰণৰে বাগান স্থাপন কৰি পৰিৱেশ প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।

২০১৭-১৮ বৰ্ষত আৰ ডি এফ আঁচনিৰ অধীনত এই বাগান সৃষ্টি কৰি তুলিছে বনাঞ্চলিক বিষয়া দাসে। ৰুদ্ৰাক্ষ, বলা, চেলেংগ, কুম্ভীৰ, কাঠ বাদাম, শিলিখা, অৰ্জুন, আমলখি, ভুমোৰা, ঔ টেঙা, তিতাচপা, ডিমৰু, জামুক আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ ফলমূলৰ লগতে নানা ঔষধি গছ ৰোপণ কৰা হৈছে বাগানখনত। কেৱল গছপুলি ৰোপণতেই নিজা দায়িত্ব নাসামৰি এই গৰাকী বনবিষয়াই গছপুলি সমূহৰ প্ৰতিপালনৰো ক্ষেত্ৰত বিগত সময়ত লৈছে নানা সু-ব্যৱস্থা।

প্ৰায় পঁচিশ হেক্টৰ ভূমিত সেউজ বনানীকৰণৰ উদ্দেশ্যৰে স্থাপন কৰা উদ্যানখন সাম্প্ৰতিক সময়ত পূৰ্ণাংগ ৰূপ ধাৰণ কৰা পথত। এনেদৰে এগৰাকী বন বিষয়াই ব্যতিক্ৰমী ৰূপত বনাঞ্চল প্ৰেমৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি সমগ্ৰ অঞ্চলবাসী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close