বিশেষভাল খবৰশীৰ্ষস্বাস্থ্য

যৌৱন ধৰি ৰাখিবলৈ খাদ্য

দিন যােৱাৰ লগে লগে আমাৰ বয়স বাঢ়ি গৈ থাকে। বয়সৰ চাপ চেহেৰাত স্পষ্ট হৈ উঠে। শৰীৰৰ উজ্বলতা কমিবলৈ আৰম্ভ হয়। তথাপিও অলপ চেষ্টা কৰিলে আপুনি বয়স বাঢ়িলেও নিজকে আকর্ষণীয় তথা সুন্দৰ কৰি ৰাখিব পাৰে। | নিয়মিত ব্যায়াম মেডিটেচনৰ লগতে খােৱা খাদ্য ঠিক ৰাখিলে বয়সৰ চাপে আপােনাক দমাই ৰাখিব নােৱাৰে। শৰীৰৰ উজ্বলতা একেদৰেই থাকিব আপােনাৰ। তাৰ বাবে খাদ্য তালিকাত ৰাখিব লাগিব উল্লেখিত ৫ বিধ সামগ্রী।

১) কমলাটেঙা : কমলাটেঙা খােৱাটো স্বাস্থ্যপক্ষে যথষ্টে ভাল। এই ফলত ভিটামিন চি থাকে। ছাল উজ্বল আৰু মসৃণ কৰি ৰাখে কমলাটেঙাই।। | ২) ষ্ট্রবেৰি : ষ্ট্রবেৰি হওক নাইবা ব্লেকবেৰিয়ই হওক ই শীৰৰ বাবে যথেষ্ট উপকাৰী। বিশেষকৈ ক’লা জামুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই জাতীয় ফলবােৰে দেহৰ ছাল সতেজ কৰি ৰাখে।

৩) দৈ : নিয়মিতভাৱে দৈ খাবলৈ চেষ্টা কৰক। দৈত থকা বেক্তেৰিয়া শৰীৰ বাবে উপকাৰী। বয়সজনিত কাৰণত হােৱা ৰােগ প্ৰতিৰােধ কৰাত দৈ সহায় কৰে। দৈত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে।

৪) অলিভ অইল : এই তেলে শৰীৰক বিভিন্ন ৰােগৰ পৰা মুক্ত কৰি ৰখাৰ লগতে দেহৰ ছাল উজ্বল কৰি ৰখাত সহায় কৰে। ইয়ে আপােনাৰ বয়স যথেষ্ট কম দেখুৱাব।।

৫) মৌ : মৌ আপােনাৰ শৰীৰ তথা দেহৰ ছাল উভয়ৰ বাবে যথেষ্ট উপকাৰী। মৌ-এ যৌৱন দীর্ঘায়ু কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close