অসমবিশেষশীৰ্ষ

যুৱ প্ৰজন্মক ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে মানস জ্যোতি দাসৰ ব্যতিক্ৰমী চিন্তা

তিনিশতকৈ অধিক গ্ৰন্থ প্ৰকাশ

বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাঁৱৰ নিবাসী শিক্ষক ধৰণী দাস আৰু মাতৃ ধিৰিমায়া দাসৰ পুত্ৰ মানস জ্যোতি দাস বৰ্তমান বিশ্বনাথ জিলাৰ ছাত্ৰ সমাজৰ মাজত এক চিনাকী নাম। পিতৃৰ ১৫ বছৰীয়া কষ্টৰে ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি অহা ত্যাগ আৰু সত্তাক আদৰ্শ হিচাপে গ্ৰহণ কৰি অভাবে স্বভাৱ নষ্ট নকৰে, স্বভাৱ গঢ়ে এই উক্তিক শিৰোগত কৰি ওলাই অহা মানস জ্যোতি দাস বৰ্তমান বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অংশকালীন প্ৰবক্তা। সুচিন্তাৰে বৰ্তমান যুৱ প্ৰজন্মৰ পৰা কিছু পৃথক পদ্ধতি অৱলম্বন কৰি বিশ্বনাথ জিলাত তেওঁ যুৱ প্ৰজন্মক কিতাপৰ লগত বন্ধুত্ব গঢ়ি তোলাবলৈ সক্ষম হৈছে। গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০১৫ চনত slet পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰ্ণাটকৰ মহীসুৰত অৱস্থিত ভাৰতীয় একমাত্ৰ ভাষা সংস্থান CIIL ত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ এজন গৱেষক হিচাপে নিৰ্বাচিত হৈছিল। কৰ্ণাটকৰ পৰা সমগ্ৰ দক্ষিণ ভাৰত ভ্ৰমণ কৰি তেওঁ নিজ জন্ম ঠাই বিহালীলৈ ঘুৰি আহে। বিহালী লৈ আহিয়েই তেওঁ বিহালীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত অসমীয়া বিভাগৰ এগৰাকী প্ৰৱক্তা হিচাপে কৰ্ম আৰম্ভ কৰে। বোধিদ্ৰুম শিক্ষা বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠাৰ লগতে ঘৰতে বিশ্বনাথ জিলাৰ প্ৰথম প্ৰকাশন পূৰ্বায়ণ প্ৰকাশন আৰম্ভ কৰিছিল। বোধিদ্ৰুম শিক্ষা বিকাশ কেন্দ্ৰত আবেলি সকলো শিশুকে ৰাংছালীৰ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ লগ হৈ বিনামূলীয়া শিক্ষা দানৰ ব্যৱস্থা কৰিছিল। আইতাৰ মেল, পৰম্পৰাগত সাজপাৰ নৃত্য গীত বাদ্য আদি কৰি সকলোতে শিশু সকলক আগ্ৰহী কৰি তুলিছিল। নিউজ লাইভৰ জনপ্ৰিয় অনুষ্ঠান বহাগৰ বতৰাত নৃত্য প্ৰদৰ্শন কৰাইছিল। উল্লেখযোগ্য যে মানস জ্যোতি দাসেই প্ৰথম গৰাকী প্ৰৱক্তা আছিল বিহালী স্নাতক মহাবিদ্যালয়ৰ যি গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ বাবে সহকাৰী গ্ৰন্থ প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰীক গ্ৰন্থ উন্মোচনী সভাৰ লগত পৰিচয় কৰাই দিছিল। ইয়াৰ লগতে বিহালী মহাবিদ্যালয়ত সাহিত্যৰ এক জোৱাৰ নমাই তেওঁ ছাত্ৰ ছাত্ৰীক “কিতাপ পঢ়াৰ আনন্দ আৰু অনুভৱ” নামৰ আলোচনী প্ৰস্তুত কৰি দুটা বছৰ নিয়াৰিকৈ চলাই যায়। লগতে বিহালী অঞ্চলৰ কেইবাগৰাকী সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশ কৰে। বিহালীৰ যুৱ প্ৰজন্মৰ মনৰ মানুহ এজন হবলৈ সক্ষম হৈছিল মানসজ্যোতি। বিহালীৰ পৰা তেওঁ বিশ্বনাথ মহাবিদ্যালয়ত যোগদান কৰে। বৰ্তমান মানসে বিশ্বনাথ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত বাস্তৱ ভিত্তিক জীয়া জীৱনৰ ছবিখন সাধু কথাৰ জৰিয়তে মুক্ত মনে মত-বিনিময় কৰি ইতিমধ্যে সীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাৰিআলি একাডেমী, তৰুণ চন্দ্ৰ কনিষ্ঠ মহাবিদ্যালয়, ডেফনি্ কনিষ্ঠ মহাবিদ্যালয়, লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়, আৰ এম এ চিনিয়ৰ মাদ্ৰাছা হাইস্কুল আদিত তেওঁৰ সাধুকথাৰ প্ৰভাৱে ছাত্ৰ সমাজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। যুৱকজনৰ বাবে যুৱ শক্তি ওলাই আহিছে। বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক জীৱন মানে কি তাক উপলব্ধি কৰাবৰ বাবে তেওঁ “জীৱন আৰু স্বপ্ন” নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰীক লিখিবলৈ প্ৰেৰণা দিছে। তেওঁ পূৰ্বায়ণ প্ৰকাশনৰ পৰা ইতিমধ্যে ৩০০তকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰিছে। লগতে তেওঁ নিজে লিখা গ্ৰন্থ আৰু সম্পাদনা কৰা সৃষ্টিকৰ্ম হল- কবিতা আৰু কবিতাৰ কথা (প্ৰৱন্ধ), অসমীয়া প্ৰবন্ধ চয়ন (প্ৰৱন্ধ), কিতাপ পঢ়াৰ আনন্দ আৰু অনুভৱ (প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড), অসম ভিত্তিক গল্প প্ৰতিযোগিতাৰ নিৰ্বাচিত গল্প, প্ৰবন্ধ বিবিধা, তুমি খেলি ভাল পোৱা বাবেইতো মই পুতলা হও (কাব্য) প্ৰাগজ্যোতিষিকা (কাব্য এলবাম), জীৱন আৰু স্বপ্ন ইত্যাদি।কিতাপ পঢ়োঁ আহক অনুষ্ঠান আৰম্ভ কৰি যুব প্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। বৰ্তমান  তেওঁ বিশ্বনাথ জিলাৰ নিৰ্বাচিত কবি আৰু কবিতা, আৰু বিহালীৰ অতীত আৰু বৰ্তমান এই দুখন গ্ৰন্থৰ কামত ব্যস্ত আছে ।

Related Articles

২ thoughts on “যুৱ প্ৰজন্মক ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে মানস জ্যোতি দাসৰ ব্যতিক্ৰমী চিন্তা”

Leave a Reply

Your email address will not be published. Required fields are marked *

Close