বিশেষশীৰ্ষস্বাস্থ্য

মৌজুল খাওক আৰু সুস্থ হৈ থাকক

খালিদ ইছলাম

মৌ সকলোৰে প্ৰিয়। ই খাবলৈ যথেষ্ট সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে বহু ঔষধি গুণ। এই সঞ্জীৱনীযুক্ত মৌজুলৰ উপকাৰীতা সম্পৰ্কে তলত চমু আভাস দাঙি ধৰা হল

১) মৌজুল এটি এন্টিব্যাকটিৰিয়াল।
২) মৌজুল এটি শক্তিশালী এন্টিফাঙ্গাল।
৩) মৌজুলে শৰীৰৰ PH লেভেলক Alkaliz (ক্ষাৰলৈ ৰূপান্তৰ)কৰে।
৪) মৌজুল হল যথেষ্ট পৰিমাণে পোৱা খনিজ, ভিটামিন তথা এন্টিঅক্সিডেন্টৰ উৎস।
৫) মৌজুলে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি কৰে।
৬) খালি পেটত নেমু ও মৌ গৰম পানীত দি পান কৰিলে শৰীৰৰ অলাগতিয়াল ওজন হ্রাস পায়।
৭) মৌজুলত চেনীতকৈয়ো বহু বেছি কেলৰি থাকে। গৰম পানীত মৌ দি পান কৰিলে ই আপোনাৰ দেহত সঞ্চিত ফ্যাটবোৰ হজম কৰাত সহায় কৰে।
৮) মৌজুলে মানৱ দেহৰ অন্ত্রৰ (intestines) উপকাৰী বেকটেৰিয়াবোৰ বিস্তাৰিত কৰাত সহায় কৰে।
৯)মৌজুলে শৰীৰত শক্তি যোগায় আৰু ক্লান্তি হ্রাস কৰে।
১০)নিয়মিত গাজৰৰ ৰসৰ সৈতে 2 চাহ চামুচ মৌ মিহলাই পান কৰিলে দৃষ্টিশক্তি অটুট থাকে আৰু কমাজনৰ বৃদ্ধি পায়‌।
১১) মৌজুল খালে ঠাণ্ডাত হোৱা ডিঙিৰ বিষ নিৰ্মূল হয়।
১২) মৌজুলে শৰীৰৰ ৰক্ত ​​সঞ্চালন উন্নিত কৰে ফলত হৃদৰোগৰ সম্ভৱনা কমি আহে।
১৩)সামান্য জুইয়ে পুৰিলে ই প্রশমিত কৰিব পাৰে। যিহেতু মৌত আছে জীৱাণুমুক্ত কৰিব পৰা গুণ। আক্রান্ত ক্ষতস্থানত মৌ আৰু নহৰুৰ এটি সাধাৰণ মিশ্রণ প্রয়োগ কৰিলে সুফল পোৱা যায়।
১৪)মৌজুলে দেহত হোৱা প্রদাহ(inflammation) তথা বিষ হ্রাস কৰে।
১৫) মৌত যথেষ্ট ফাইটোনিউট্রিয়েন্টচ্ পোৱা যায়, সেয়েহে মৌয়ে কেঞ্চাৰকো প্রতিৰোধ কৰিব পাৰে।
১৬) মানুহৰ সাৰ্বজনীন এটি সমস্যা বদহজম তথা এচিডিটি, মৌ নিয়মিয়াকৈ আহাৰ গ্ৰহণ কৰাৰ পাছত খালে এনে সমস্যাৰ পৰা মুক্তি পোৱা যায়।
১৭) মৌৱে তেজত শ্বেত ৰক্ত ​​কণিকাৰ সংখ্যা বৃদ্ধি ও সংৰক্ষণ কৰে।
১৮)মৌৱে মানুহৰ লিভাৰ ও কলন(collon) ৰ পৰা পৰজীৱী বোৰ দূৰ কৰে। বহু সময়ত আলচাৰ তথা গেষ্ট্ৰইনটেস্টাইনাল ব্যাধিও ই নোহোৱা কৰে।
১৯) মৌজুলে মানুহৰ চাইনাচৰ প্ৰদাহ(Sinusitis) ৰোধ কৰাত সহায় কৰে। এক চাহ চামুচ তাজা আদাৰ ৰস মৌৰ সৈতে মিহলাই দিনে দুবাৰ- তিনবাৰ পান কৰক,উপকৃত হব।
২০) মৌজুলত দাঁত সুৰক্ষিত কৰিব পৰা গুণো বিদ্যমান। দাঁতৰ বিষ হলে মৌ ও দালচেনীৰ গুড়ি ৰ এটি পেষ্ট তৈয়াৰি কৰি বেদনাদায়ক দাঁতত লগাব।
২১) মৌৱে মুখৰ সৌন্দৰ্য্য বৃদ্ধি আৰু মুখখন ময়শ্চাৰাইজো কৰে।এক চাহ চামুচ মৌ আৰু দুই চামুচ গৰম পানী মিহলাই এটি মিশ্রণ তৈয়াৰী কৰি মিশ্রণটি মুখত লগায় লাহে লাহে মাচাজ কৰিব।পাছত পৰিস্কাৰ পানীৰে ধুই লব। মুখৰ উজ্জ্বলতা ও সৌন্দৰ্য্য বাঢ়িব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close