বিশেষশীৰ্ষসম্পাদকীয়

মেমাং কলচি ফাৰে

বিভিন্ন ভৌতিক গল্প, সাধুকথা আদিত সচৰাচৰে শুনিবলৈ পােৱা এটা ৰূপকথা হৈছেনৰভক্ষক গছগছনি। বহুতাে পৌৰাণিক আখ্যানত উল্লেখ আছে, গছ-গছনিয়ে জীৱ-জন্তু ভক্ষণ কৰাৰ কাহিনী। আনকিহলীউডবলীউডৰ বহুতাে ছবিত এনে দৃশ্য উপস্থাপন কৰা হৈছে আৰু এইসমূহ ছবিয়ে দর্শকক বিশেষভাৱে আকর্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু বাস্তৱিকতে তেনে ধৰণৰ উদ্ভিদ আছে জানাে? পৃথিৱীৰ ক’ত আছে এনে ধৰণৰ উদ্ভিদ। সেয়া নিশ্চয় সকলােৰে মস্তিষ্কত উদ্রেক ঘটাব পৰা এক প্রশ্ন। ৰহস্যৰ আওতাৰ ৰহস্যময়তাক লৈ মস্তিষ্কত সদায়ে চিন্তাৰ জোৱাৰ উঠি থাকে। যদি তেনে ধৰণৰ উদ্ভিদ আছে, তেন্তেই মানুহ ভক্ষণ কৰিব পাৰে নেকি? পৌৰাণিক গল্পসমূহৰ সত্য-সত্যতা কিমান?

প্রাণীৰ তুলনাত উদ্ভিদৰ জগতখন অতি বিশাল আৰু ৰহস্যময়তাৰে ভৰপূৰ। পৃথিৱীত কিছুমান এনে ধৰণৰ উদ্ভিদ পােৱা যায়, যাৰ ৰহস্য ভেদ কৰিবলৈ এতিয়াও বিজ্ঞানীমহলে যথেষ্ট গৱেষণা অব্যাহত ৰাখিবলগীয়াত পৰিছে। আনহাতে নৰভক্ষণকাৰী উদ্ভিদৰ পৌৰাণিক আখ্যান এতিয়ালৈকে বাস্তৱত হােৱা নাই যদিও পৃথিৱীত এনে কিছু উদ্ভিদ আছে যিয়ে অন্য প্রাণীক ভক্ষণ কৰি নিজকে জীয়াই ৰাখে। এনে উদ্ভিদক সাধাৰণতে মাংসহাৰী উদ্ভিদ হিচাপে জনা যায়। আটাইতকৈ আমােদজনক বিষয় যে, পৃথিৱীৰ আফ্রিকা আৰু দক্ষিণ-পূর্ব এছিয়াত এনে ধৰণৰ উদ্ভিদ পােৱা যায়। আমি সকলােৱে জানাে যে, অসম তথা উত্তৰ-পূব দক্ষিণ-পূর্ব এছিয়াৰ ভিতৰত অন্তর্ভুক্ত। তেনেস্থলত আমাৰ চকুৰ সন্মুখতেই আছে নেকি এনে উদ্ভিদ। হয়, আমাৰ চকুৰ সন্মুখতে আছে পতংগভােজী উদ্ভিদ। যাৰ বিষয়ে সাধাৰণ লােক অজ্ঞ। মেঘালয়ৰ খাছি পাহাৰত পােৱা যায় একপ্রকাৰৰ উদ্ভিদ। লতাজাতীয় এই উদ্ভিদৰ পাতবােৰ ৰূপান্তৰ হয় কলহৰ দৰে। সাধাৰণতে উদ্ভিদে সালােকসংশ্লেষণৰ দ্বাৰা খাদ্যবস্তু প্রস্তুত কৰে যদিও এইবিধ উদ্ভিদে খাদ্যৰ বাবে ভৰসা কৰে অন্য কীট-পতংগৰ ওপৰত।

নিপেনথিচ খাছিয়ানা- বিজ্ঞানীমহলৰ ৰহস্যৰ কেন্দ্রবিন্দু এইবিধ উদ্ভিদ খাছি পাহাৰত পােৱা যায়। নিপেনথিচ বর্গৰ এইজাতীয় উদ্ভিদ অকল মেঘালয় আৰু অসমত পােৱা যায়। এইবৰ্গৰ অন্য প্রজাতিৰ কিছুসংখ্যক উদ্ভিদ ভাৰতৰ দক্ষিণঘাট, শ্রীলংকা, থাইলেণ্ড আদিতাে পােৱা যায় যদিও উত্তৰ-পূবত পােৱা এইবিধ উদ্ভিদৰ গঠনে বিশেষভাৱে আকর্ষণ কৰে বিজ্ঞানীমহল আৰু একাংশ পর্যটকক। মাটিৰ কলহৰ দৰে আকাৰৰ এটা চুঙাৰ আকৃতি লয় এইবিধ উদ্ভিদে। ডালত ওলমি থকা এনেবােৰ চুঙাৰ ওপৰপিনে থাকে এখন ঢাকন। কীট-পতংগক আকর্ষিত কৰাৰ বাবে নিপেনথিচ খাছিয়ানা নামৰ এইবিধ উদ্ভিদে ৰসায়নৰ প্ৰয়ােগেৰে এক উগ্র গােন্ধৰ সৃষ্টি কৰে। অসমীয়াত কলচি উদ্ভিদ হিচাপে পৰিচিত এইবিধ উদ্ভিদৰ কলহত আকর্ষিত কীট-পতংগ সােমাই পৰাৰ লগে লগে ঢাকনখন স্বতঃস্ফূর্তভাৱে বন্ধ হৈ যায়। ইয়াৰ পিছতে আৰম্ভ হয় ৰাসায়নিক ক্রিয়া-বিক্রিয়া। কীট-পতংগ কলহৰ ভিতৰত আৱদ্ধ কৰাৰ পিছত উদ্ভিদবিধে পাচক ৰস ক্ষৰণ কৰে। লাহে লাহে এই ৰসে কীট-পতংগক পাচন ঘটাই প্রয়ােজনীয় খাদ্য সংগ্রহ কৰে। খাদ্য পচন ঘটাৰ পিছত ই পুনৰ ঢাকনখন খুলি দিয়ে। আশ্চর্য এই কলচি উদ্ভিদ মেঘালয়ৰ লগতে অসমৰ ডিমা-হাচাও, আৰু কার্বিআংলঙতাে পােৱা যায়। খাছি পাহাৰত পােৱা বাবেই ইয়াৰ বৈজ্ঞানিক নামৰ পিছপিনে খাছিয়ানা লিখা হয় যদিও ইয়াক অসমত কলচি, জয়ন্তীয়া ভাষাত কেছেট ফাৰে, গাৰােত মেমাং কছিট হিচাপে জনা যায়। অসম তথা উত্তৰ-পূবত থকা একমাত্র এইবিধ পতংগভােজী উদ্ভিদ সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু হ’ব পাৰে। পৰ্যটনৰ কাৰণে ইয়াক ব্যৱহাৰ কৰাৰ যথেষ্ট অৱকাশ আছে। কাৰণ ভাৰতবৰ্ষত বিভিন্ন পৌৰাণিক গল্পত প্রাণীভােজী উদ্ভিদৰ কাহিনী আছে যদিও ইয়াক চাক্ষুসভাৱে দেখাৰ সুবিধা কেৱল উত্তৰ-পূব। সৰহসংখ্যাত বিস্তৃত এইবিধ পতংগভােজী উদ্ভিদৰ বিষয়ে সবিস্তাৰে আৰু সর্বস্তৰত প্রকাশ হলে নিশ্চয় অসম তথা উত্তৰ-পূবলৈ ব’ব পর্যটকৰ বন্যা প্রাণীৰ তুলনাত উদ্ভিদৰ জগতখন অতি বিশাল আৰু ৰহস্যময়তাৰে ভৰপূৰ। পৃথিৱীত কিছুমান এনে ধৰণৰ উদ্ভিদ পােৱা যায়, যাৰ ৰহস্য ভেদ কৰিবলৈ এতিয়াও বিজ্ঞানীমহলে যথেষ্ট গৱেষণা অব্যাহত ৰাখিবলগীয়াত পৰিছে। আনহাতে নৰভক্ষণকাৰী উদ্ভিদৰ পৌৰাণিক আখ্যান এতিয়ালৈকে বাস্তৱত হােৱা নাই যদিও পৃথিৱীত এনে কিছু উদ্ভিদ আছে যিয়ে অন্য প্রাণীক ভক্ষণ কৰি নিজকে জীয়াই ৰাখে। এনে উদ্ভিদক সাধাৰণতে মাংসহাৰী উদ্ভিদ হিচাপে জনা যায়। আটাইতকৈ আমােদজনক বিষয় যে, পৃথিৱীৰ আফ্রিকা আৰু দক্ষিণ-পূর্ব এছিয়াত এনে ধৰণৰ উদ্ভিদ পােৱা যায়। আমি সকলােৱে জানাে যে, অসম তথা উত্তৰ-পূব দক্ষিণপূব এছিয়াৰ ভিতৰত অন্তর্ভুক্ত। তেনেস্থলত আমাৰ চকুৰ সন্মুখতেই আছে নেকি এনে উদ্ভিদ। হয়, আমাৰ চকুৰ সন্মুখতে আছে পতংগভােজী উদ্ভিদ। যাৰ বিষয়ে সাধাৰণ লােক অজ্ঞ। মেঘালয়ৰ খাছি পাহাৰত পােৱা যায় একপ্রকাৰৰ উদ্ভিদ। লতাজাতীয় এই উদ্ভিদৰ পাতবােৰ ৰূপান্তৰ হয় কলহৰ দৰে। সাধাৰণতে উদ্ভিদে সালােকসংশ্লেষণৰ দ্বাৰা খাদ্যবস্তু প্রস্তুত কৰে যদিও এইবিধ উদ্ভিদে খাদ্যৰ বাবে ভৰসা কৰে অন্য কীত-পতংগৰ ওপৰত।

নিপেনথিচ খাচিয়ানা- বিজ্ঞানীমহলৰ ৰহস্যৰ কেন্দ্রবিন্দু এইবিধ উদ্ভিদ খাচী পাহাৰত পােৱা যায়। নিপেনথিচ বর্গৰ এইজাতীয় উদ্ভিদ অকল মেঘালয় আৰু অসমত পােৱা যায়। এইবৰ্গৰ অন্য প্রজাতিৰ কিছুসংখ্যক উদ্ভিদ ভাৰতৰ দক্ষিণঘাট, শ্রীলংকা, থাইলেণ্ড আদিতাে পােৱা যায় যদিও উত্তৰ-পূবত পােৱা এইবিধ উদ্ভিদৰ গঠনে বিশেষভাৱে আকর্ষণ কৰে বিজ্ঞানীমহল আৰু একাংশ পর্যটকক। মাটিৰ কলহৰ দৰে আকাৰৰ এটা চুঙাৰ আকৃতি লয় এইবিধ উদ্ভিদে। ডালত ওলমি থকা এনেবােৰ চুঙাৰ ওপৰপিনে থাকে এখন ঢাকন। কীত-পতংগক আকর্ষিত কৰাৰ বাবে নিপেনথিচ খাচিয়ানা নামৰ এইবিধ উদ্ভিদে ৰসায়নৰ প্ৰয়ােগেৰে এক উগ্ৰ গােন্ধৰ সৃষ্টি কৰে। অসমীয়াত কলচী উদ্ভিদ হিচাপে পৰিচিত এইবিধ উদ্ভিদৰ কলহত আকর্ষিত কীত-পতংগ সােমাই পৰাৰ লগে লগে ঢাকনখন স্বতঃস্ফূর্তভাৱে বন্ধ হৈ যায়। ইয়াৰ পিছতে আৰম্ভ হয় ৰাসায়নিক ক্রিয়াবিক্রিয়া। কীত-পতংগ কলহৰ ভিতৰত আৱদ্ধ কৰাৰ পিছত উদ্ভিদবিধে পাচক ৰস ক্ষৰণ কৰে। লাহে লাহে এই ৰসে কীতপতংগক পাচন ঘটাই প্রয়ােজনীয় খাদ্য সংগ্রহ কৰে। খাদ্য পচন ঘটাৰ পিছত ই পুনৰ ঢাকনখন খুলি দিয়ে। আশ্চর্য এই কলচী উদ্ভিদ মেঘালয়ৰ লগতে অসমৰ ডিমা-হাচাও, আৰু কার্বিআংলঙতাে পােৱা যায়। খাচী পাহাৰত পােৱা বাবেই ইয়াৰ বৈজ্ঞানিক নামৰ পিছপিনে খাচিয়ানা লিখা হয় যদিও ইয়াক অসমত কলচী, জয়ন্তীয়া ভাষাত কেছেট ফাৰে, গাৰােত মেমাং কছিট হিচাপে জনা যায়। অসম তথা উত্তৰ-পূবত থকা একমাত্র এইবিধ পতংগভােজী উদ্ভিদ সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু হ’ব পাৰে। পৰ্যটনৰ অৰ্থটো ইয়াক ব্যৱহাৰ কৰাৰ যথেষ্ট অৱকাশ আছে। কাৰণ ভাৰতবৰ্ষত বিভিন্ন পৌৰাণিক গল্পত প্রাণীভােজী উদ্ভিদৰ কাহিনী আছে যদিও ইয়াক চাক্ষুসভাৱে দেখাৰ সুবিধা কেৱল উত্তৰ-পূব। সৰহসংখ্যাত বিস্তৃত এইবিধ পতংগভােজী উদ্ভিদৰ বিষয়ে সবিস্তাৰে আৰু সর্বস্তৰত প্রকাশ হলে নিশ্চয় অসম তথা উত্তৰ-পূবলৈ ব’ব পর্যটকৰ বন্যা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close