প্ৰৱন্ধভাল খবৰশীৰ্ষসম্পাদকীয়স্বাস্থ্য

মৃতপ্রায় জলাভূমিসমূহ জীৱন্ত কৰিলে পানীৰ সমস্যাৰ পৰা মুক্ত হ’ব গুৱাহাটীবাসী

হিমাংশু অনুপম,গুৱাহাটী

পানী অবিহনে জীয়াই থকা অসম্ভৱ। শৰীৰৰ ৭০ শতাংশ পানী। তেনে ক্ষেত্ৰত জীৱন এটাৰ বাবে পানী অপৰিহাৰ্য হৈ পৰে। আনহাতে, শেহতীয়াভাৱে খােৱা পানীৰ ভাণ্ডাৰ দিনক দিনে কমি আহিছে ভাৰতকে ধৰি সমগ্র বিশ্বত। বিশুদ্ধ খােৱা পানীৰ নাটনিৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। পৃথিৱীৰ বৰ্দ্ধিত জনসংখ্যাৰ বিপৰীতে পানীৰ ভাণ্ডাৰ কমি অহাত জটিল সমস্যাৰ | সৃষ্টি হৈছে। ভাৰততাে খােৱা পানীৰ সমস্যাই ভয়াৱহ ৰূপ লােৱা পৰা পৰিলক্ষিত হৈছে। অন্য উদাহৰণ নহয়, আমাৰ অসমতেই পানীৰ বাবেই কিছু কিছু ঠাইত হাহাকাৰৰ সৃষ্টি হয়। বিশেষকৈ গুৱাহাটী মহানগৰীত পানীৰ বাবে জটিল সমস্যাৰ সন্মুখীন হয় নাগৰিকসকলে। জলভাণ্ডাৰৰ সমস্যাৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধি ওতঃপ্রােতভাৱে জড়িত। জনসংখ্যা বৃদ্ধিৰ ফলত হ্রদ, পিতনি, খাল-বিল আদি পুতি বাসগৃহ নির্মাণ কৰাৰ ফলত ভূমণ্ডলৰ জলস্তৰ হ্রাস পাবলৈ ধৰিছে। দীপৰ বিল,বৰছলা বিলকে আদি কৰি বিভিন্ন খাল-বিল আৰু পিতনি বেদখল কৰি এই জলাহভূমি ধ্বংস কৰিছে। যাৰ ফলত গুৱাহাটীৰ ভূগর্ভৰ জলস্তৰ ক্রমান্বয়ে নিম্নগামী হৈছে। অনুৰূপ ধৰণে ৰাজধানী দিল্লীতাে পানীৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে এসময়ত দিল্লীত ১৫৯টা হ্রদ বা জলাহভূমি আছিল। কিন্তু ক্রমান্বয়ে সেইবােৰ বেদখলৰ ফলতনাইকিয়া হােৱাত দিল্লীৰ ভূগর্ভৰ জলস্তৰ নিম্নগামী হয়। এতিয়া এটোপাল পানীৰ বাবেও দিল্লীবাসীয়ে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে। দিল্লীৰ যি সমস্যা সেই সমস্যাৰ পিনে অগ্রসৰ হৈ আছে গুৱাহাটী মহানগৰী। গুৱাহাটীৰ ২৩ লাখ জনতাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানীৰে অভাৱ পূৰণ কৰিব নােৱাৰি। ইয়াৰ বাবে ভূ-গর্ভৰ পানীও লাগতীয়াল হৈ পৰে। কাৰণব্রহ্মপুত্ৰৰ পানী পৰিস্কাৰ কৰিহে সেৱন কৰিব পাৰি। দিল্লীৰ জনসংখ্যালৈ লক্ষ্য কৰি দিল্লীৰ চৰকাৰে অদূৰ ভৱিষ্যতৰ পানীৰ সমস্যা নাইকিয়া কৰাৰ বাবে ভূগর্ভৰ জলস্তৰ ব্যৱস্থাপনা কৰাৰ দিশে অগ্রসৰ হৈছে। ইয়াৰ লগতে লেতেৰা পানী পৰিস্কাৰ কৰি সেই পানী খােৱাৰ উপযােগী কৰাৰ এক পদক্ষেপ গ্রহণ কৰিছে দিল্লী চৰকাৰে।সাধাৰণতে জলাহ বা আদ্রভূমি অতি নিম্নস্থানত থাকে। সেই অঞ্চলৰ বৰষুণৰ পানীবা অন্য কাৰণত নির্গত হােৱা পানী বৈ আহি সেই নিম্ন অংশত থকা ভূমিত জমা হৈ জলাহ বা আদ্রভূমি গঠন কৰে। যিয়ে ভূগৰ্ভৰ জলস্তৰ অক্ষুন্ন ৰাখে। শেহতীয়াকৈ দিল্লী
চৰকাৰে ১৫৯টা মৃত অৱস্থাত থকা হ্রদক জীৱন্ত কৰি পানীৰ সমস্যা সমাধান কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ বাবে ৰাজর্কিত এক পাইলট প্রজেক্ট চলাই আছে দিল্লী চৰকাৰে। ৰাজর্কিত থকা মৃতপ্রায় হ্রদৰ কাষত বৈজ্ঞানিক পদ্ধতিৰে পানী নিষ্কাষণৰ এক পদ্ধতি নির্মাণ কৰিছে দিল্লী চৰকাৰে। তিনিটা স্তৰত লেতেৰা পানী বৈ আহি পৰিস্কাৰ হৈ সেই হৃদত জমা হ’ব আৰু দিল্লীৰ ভূগর্ভৰ জলস্তৰ বৃদ্ধি কৰিব। প্রথম অৱস্থাত থাকিব স্থানীয় উদ্ভিদ। এই উদ্ভিদৰ মাজেৰে পানী বৈ আহিলে কিছুসংখ্যক আৱৰ্জনা জমা হৈ পৰিব। পানীত থকা আৱৰ্জনা এটা অংশত নিষ্কাষণ হােৱাৰ পিছত বাকী আৱৰ্জনা দ্বিতীয় অংশত থকা কেইবাটাও শ্লেপে নিষ্কাষণ কৰিব। সৰু সৰু আৱৰ্জনাসমূহ এই শ্লেপ বা চিৰিসমূহত জমা হােৱাৰ পিছত পানীহ্ৰদৰ পিনে গতি কৰিব। এতিয়া আহিব পানীত দ্ৰৱীভূত ৰসায়নসমূহ নিষ্কাষণৰ কাম। ইয়াৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে শিল আৰুবালিৰ এক দেৱাল নির্মাণ কৰা হৈছে হৃদটোৰ পাৰত।বৰষুণ বা অন্য কাৰণত নির্গত পানী শিল আৰুবালিৰ দেৱালৰ মাজেৰে পাৰ হৈ হৃদত মিলিব।শিল আৰু বালিৰ দেৱালে ফিল্টাৰৰ দৰে কাম কৰিব আৰু পানীত দ্রবীভূত ৰসায়ন আৰু খনিজ দ্রব্যসমূহ নিষ্কাষণ কৰি পানীখিনি ব্যৱহাৰৰ উপযােগী কৰি তুলিব। প্রায় ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি গ্ৰহণ কৰিব সমগ্র দিল্লীয়ে। যিয়ে অনাগত দিনত দিল্লীৰ ভূগর্ভৰ জলস্তৰ অক্ষুন্ন ৰাখিব।
দিল্লীৰ দৰে গুৱাহাটীতাে অনুৰূপ আঁচনিৰ প্রয়ােজন হৈ পৰিছে। প্রতিদিনে গুৱাহাটীত পানীৰ প্রয়ােজন বৃদ্ধি হৈ আহিছে। বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত পানীৰ চাহিদা অধিক। তেনে কাৰণত মৃতপ্রায় জলাভূমিসমূহ জীৱন্ত কৰি তুলিলে চিৰদিনৰ বাবে গুৱাহাটীবাসীয়ে পানীৰ সমস্যাৰ পৰা মুক্ত হৈ পৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close