বিনোদন

মুম্বাইত অসমৰ যুৱকৰ আধিপত্য

কিৰণ তালুকদাৰ

বৃটিছৰ ঔপনিৱেশিকতাবাদ ভাৰতবৰ্ষৰ ইতিহাসৰ এক অনবদ্য অধ্যায় বুলি চিৰদিন পৰিগণিত হৈ থাকিব। এই পৰাধীনতাৰ গ্লানি মষিমূৰ কৰিবৰ বাবে ভাৰতৰ প্ৰতিখন অংগৰাজ্যইউঠি পৰি লগাৰ দৰে অসমাে এই ক্ষেত্ৰত এখােপ আগবঢ়া আছিল বুলি সমগ্ৰ ভাৰতবাসীয়ে অকপটে স্বীকাৰ কৰি আহিছে। পৰাধীনতাৰ এই ডেৰশ বছৰীয়া ইতিহাসক অসমৰ মুক্তিকামী অজস্ৰ জনতাই কিদৰে কঠোৰ হাতােৰাৰে বিলীন কৰিব বিচাৰিছিল তাকে আকৌ এবাৰ সমগ্ৰ ভাৰতবাসীৰ ওচৰত প্রতিনিয়ত কৰিবলৈ অলপতে হিন্দী দূৰদৰ্শনত সম্প্রচাৰ হ’ব লালৰেখা নামে ধাৰাবাহিকখন। বিষেশকৈ অসমৰ খেতিয়কসকল এই বিদ্ৰোহৰ দাবানলত বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছিল। কমলাশ্রী ফিল্মৰ বেনাৰত দিলীপ সােনকৰৰ নিদের্শনাত দূৰদৰ্শন আৰু অৰুণপ্রভাত সম্প্রচাৰ হ’বলগীয়া মূলত এক প্রেমগাঁঠা লাল আৰু ৰেখাৰ সংগ্রামী সত্তাৰে ধূসৰ হৈ উঠা ‘লাল-ৰেখাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব গুৱাহাটী মহানগৰীৰ শ্রীনগৰৰ যুৱক জীৱিতেশ মজুমদাৰে। জীৱিতেশৰ লগত মহিলা চৰিত্ৰত অভিনয় কৰিব কলিকতাৰ জীয়ৰী সুদীপ্তা বেনার্জীয়ে। ইয়াৰ লগতে আন আন চৰিত্ৰত অৰুণ বকসী, মুকুল নাগ, পৃথবী জুশীবীৰবল, গৰিমা অগ্ৰৱাল, সংগীতা শ্রীবাস্তৱ, ময়ঙ্ক মিক্ষা, অষ্টভূজা মিক্ষা, কুণাল সিংহ ৰাজপুত, ললিত মল্লা, সাৰ কাশ্যপ, সুনীল বাঁব, দীপ্তী অলবানী, মেহনাজ সৰফ, ৰাজা কাপসে, দীপক দত্ত শর্মা আদিৰ লগতে অসমৰ অংশুমা শইকীয়া, ভূমিকা শইকীয়া, পৰাশমণি প্রিয়দর্শিনী আদিয়ে। সংগীত আৰু শীর্ষসংগীত মােটী শৰ্মাৰ আৱহ সংগীত অসম সুৰতীৰ। ধাৰাবাহিক খনৰ কাহিনী প্রখ্যাত উপন্যাসিক চন্দ্রকান্ত হিচাপে খ্যাত বাবু দেৱকীণ্ডন খত্ৰীৰ পুত্র বিবেক খত্ৰীৰ। সংলাপ ধীৰজ কুমাৰ আৰুৰঞ্জীত ভট্টাচার্য। প্রযােজক দিলীপ সােনকৰ, দিব্যজ্যোতি ভৰালী আৰু ৰঞ্জীত কবালে জানিবলৈ দিয়া অনুসৰি ধাৰাবাহিকখনৰ কাহিনীমূলত ৰােমাঞ্চ, ৰুচীশীল আৰু শিক্ষাপ্রদ। ধাৰাবাহিকখনৰ জৰিয়তে অশিক্ষিত লােকসকলেও ভাৰতৰ স্বাধীনতা আন্দোলনত অসম তথা উত্তৰ-পূৱৰ ৰাজ্যসমূহে আগবঢ়োৱা অনবদ্য অৱদানৰ কথা জানিবলৈ সুবিধা পাব বুলি নির্মাতা দুজনে আশাবাদী। উল্লেখ্য যে পূর্বতেও কামলক্ষ্মী ফিল্মৰ বেনাৰত নির্মিত তথা দূৰদৰ্শনত সম্প্রচাৰিত স্বাধীনতা আন্দোনলক লৈ লিখা ৰণভেৰী’ খুব জনপ্রিয় হৈছিল। ধাৰাবাহিকখনৰ খুটিঙৰ কাম হৈছে ফিল্মীস্তান ফুডঅ’, এন ডি ষ্টুডিঅ’, মােধ আইলেণ্ড, পােৱাই ষ্টুডিঅ’ আৰু চণ্ডীৱলী ষ্টুডিঅ’ত। অসমৰ অন্যতম প্রতিভাৰ চানেকি বহন কৰিবলৈ সক্ষম হােৱা জীৱিতেশ মজুমদাৰে দিল্লীত নিজৰ বিদ্যায়তনিক সিক্ষা সাং কৰি লণ্ডনৰ ওৱেষ্টমিষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা ভাৰত চৰকাৰৰ বৃত্তি লাভ কৰি এনিমেশনৰ স্নাতক ডিগ্রী লাভ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু ‘লটকন’ৰ এনিমেশ্বন ছবি নির্মাণ কৰি ব্ৰক্ষ্মপুত্র উপত্যকা উৎসৱত প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পিছলৈ জীৱিতেশে মুম্বাইৰ অন্ধেৰী ইষ্টত নিগাজীকৈ থাকিবলৈ লয়। প্রসিদ্ধ অভিনেত্রী প্রিয়ংকা চোপ্ৰাৰ সৈতে অভিনয় আৰু সহঃ পৰিচালক হিচাপে কাম কৰিবলৈ লয়। মুম্বাইৰ ক্ৰিয়েটিং চেকাৰৰ পৰা অভিনয়ৰ ডিপ্লমা লাভ কৰে। সৰুৰে পৰাই পঢ়া-শুনাৰ সমান্তৰালকৈ ভাল ছবি আঁকিবলৈ সক্ষম হােৱা জীৱিতেশে অমিতাভ বচ্চনাৰ ছবি আঁকি তেওঁৰ পৰা প্রংশসিত হৈছে। সুন্দৰ চেহেৰাৰ। সুঠাম দেহৰ অধিকাৰী জীৱিতেশে পিছলৈ এজন ভাল অভিনেতা হােৱাৰ লগতে পৰিচালক হােৱাৰ দৃঢ়তা ব্যক্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close