আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মিচা কথা ধৰা পেলাব স্মার্টফোনে

বৈজ্ঞানিকসকলৰ নৱতম আৱিষ্কাৰ এটি স্মার্টফোন। এই স্মার্টফোনটো অন্য ফোনৰ তুলনাত কিছু ব্যতিক্রম। কিয়নাে এই ফোনটো বিশেষকৈ মিছা কথা ধৰা পেলাবৰ বাবেই যেন আৱিষ্কাৰ কৰা হৈছে। ফোনত কথা পতা বা বার্তা পঠোৱা সময়ত যদিহে মিছাৰ আশ্ৰয় লৈছে তেন্তে লগে লগেই ফোনটোৱে সকলােখিনি ধৰা পেলাব। এক বিশেষ অত্যাধুনিক প্রযুক্তিবিদ্যাৰ সহায়ত তৈয়াৰ কৰা হৈছে এই ফোনবিধ। যিয়ে অনায়াসে ভুল তথ্য ধৰা পেলাব পাৰে। শেহতীয়া তথ্য অনুসৰি এই বিষয়টোৰ ওপৰত বর্তমান পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে। অতি শীঘ্ৰে এই ফোনবিধ কার্যকৰী অৱস্থাত মুকলি কৰা হ’ব। কোপেনহেগেন বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীৰ যুটীয়া প্ৰচেষ্টাত বর্তমান গৱেষণা চলাই থকা হৈছে। তেওঁলােকে এটি বিশেষ এপক লৈ পূর্ণগতিত পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। এই এপবিধ স্মার্টফোনত ডাউনলােড কৰি লােৱাৰ পাছতেই ফোনটোৱে স্বয়ংক্রিয়ভাৱে লাই ডিটে”ৰ হিচাপে কাম কৰিব। বিজ্ঞানীসকলৰ মন্তব্য অনুসৰি ফোনত কেৱল মিছা কথা ধৰা পেলােৱাই নহয় মানুহজনে কিদৰে চোৱাইপ বা টেপ কৰিছে সকলাে তথ্যই ওলাই পৰিব। ইয়াৰ উপৰি মেছেজ টাইপ কৰাৰ সময়তে কোনােবাই যদি মিছা কথা কৈছে তেন্তে সেই টাইপিঙত বেছি সময়ৰ প্রয়ােজন হােৱাৰ লগতে ভুল তথ্য ওলাই পৰিব। যি কথাত সত্যতা থাকিব লগে লগে ‘লাই ডিটেৰে সেউজীয়া সাংকেতিক চিহ্ন প্রদান কৰিব আৰু মিছা কথা ক’লে ৰঙা চিহ্ন দেখুৱাব। ইতিমধ্যে পৰস্পৰ বিৰােধী এই তিনিটা ভিন্নধর্মী পৰীক্ষাৰ মাধ্যমত এই এপছবিধ সফলতা সম্পর্কে নিশ্চিত হৈছে বৈজ্ঞানিকৰ দলটো। উল্লেখ্য যে, এণ্ড্রয়ড স্মার্টফোনৰ বাবে বিশেষভাৱে ডিজাইন কৰা এই এপটোৰ ওপৰত বর্তমানেও পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে। যদিহে এই গৱেষণাই সফলতা লাভ কৰে তেন্তে শীঘ্রেই এই এপবিধ মুকলি কৰি দিয়া হ’ব বুলি সদৰী কৰে বৈজ্ঞানিকৰ দলটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close