অসমশীৰ্ষ

মা কামাখ্যা ধামত অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি

মালিগাঁৱৰপৰা হিৰুল হক, ভাল খবৰ: ২২তাৰিখৰে পৰা মা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী। ইতিমধ্যেই দেশী-বিদেশী সাধু-সন্যাসিৰে ভৰি পৰিছে কামাখ্যা ধাম। নেপালৰ পৰাও আহিছে দুগৰাকী মহিলা।

প্ৰতিবছৰে এওঁলোকে অম্বুবাচীৰ সময়ছোৱাত মা কামাখ্যা দৰ্শন কৰিবলৈ আহে। তাৰোপৰি বিভিন্ন ঠাইৰ পৰা ভক্তৰ আগমন ঘটিছে নীলাচলস্থিত মা কামাখ্যা মন্দিৰত। অম্বুবাচী উপলক্ষে এইবাৰ ভক্তৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ লগতে দেৱালয় কৰ্তৃপক্ষই। ভক্তৰ নিৰাপত্তাৰ বাবে মন্দিৰ প্ৰাংগনত সংস্থাপন কৰা হৈছে প্ৰায় ৪০০ চিচি কেমেৰা।

মন্দিৰৰ তৰফৰ পৰা ঠায়ে ঠায়ে নিয়োগ কৰা হ’ব প্ৰায় ৫০০ ভলেন্টাৰ। তাৰ উপৰিও জিলা প্ৰশাসনৰ বিশেষ নিৰাপত্তা ব্যৱস্থা। প্ৰতিটো সময়তে সষ্টম থাকিব আৰক্ষী প্ৰশাসন। ভক্তৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে এইবাৰ অম্বুবাচী মেলাৰ নাম দিয়া হৈছে ‘অম্বুবাচী মহাযুগ ২০১৮’।

মুঠৰ ওপৰত অম্বুবাচী উপলক্ষে কামাখ্যা মন্দিৰত প্ৰস্তুত তুংগত। লাখ-লাখ দেশী-বিদেশী ভক্তক আদৰিবলৈ সাজু অম্বুবাচী পৰিচালনা সমিতি। আনহাতে এইবাৰ প্ৰায় ৫হাজাৰ নগা বাবাৰ আগমন ঘটিব কামাখ্যাত। ইতিমধ্যেই দুইশতাধিক নগা বাবা আহি উপস্থিত হৈছে মা কামাখ্যা ধামত। পূৰ্বৰ দৰে এইবাৰ উলংগ হৈ ভক্তৰ মাজলৈ নাযায় নগা বাবাসকল। নগা বাবাসকলৰ বাবে থাকিব বিশেষ এটা স্থান। ভক্তসকলে সেই স্থানত গৈ লগ কৰিব পাৰিব বাবাসকলক।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close