অসমআন্ত-ৰাষ্ট্ৰীয়ফেশ্বনবিনোদনৰাষ্ট্ৰীয়শীৰ্ষ

মায়ানগৰী মুম্বাইত উজলিল অসমীয়া অভিনেত্ৰী

যোৰহাটৰ ডেইজী দলেৰ অভিনয়ে মুহিছে বলিউদৰ প্ৰযোজকক

নিউজ ডেস্ক, ভাল খবৰ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পাছত আনটো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাই। এইবাৰ বলিউত শেহতীয়াভাৱে মুক্তি লাভ কৰা এখন হিন্দী ছবিত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেত্ৰীয়ে।

৩১ আগষ্টত মুক্তিলাভ কৰা বলিউদৰ ছবি পৰিচালক নৱনিয়ত সিং পৰিচালিত ‘য়ামলা পাগলা দিৱানা-ফিৰ চে’ নামৰ ছবিখনত অভিনয় কৰিছে যোৰহাটৰ ডেইজী দলে নামৰ মডেল তথা অভিনেত্ৰীগৰাকীয়ে।

বলিউদৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ, চানী দেউল, ববী দেউলকে ধৰি কেবাগৰাকী নামী দামী শিল্পীয়ে অভিনয় কৰা ছবিখনত অসমৰ ডেইজীয়ে এগৰাকী ‘লিগেল এচিষ্টেণ্ট’ চৰিত্ৰত অভিনয় কৰিছে।

যোৰহাটৰ ঢেকীয়াখোৱাৰ জীয়ৰী ডেইজীয়ে বিগত ৭ বছৰ ধৰি মডেলিং আৰু অভিনয়ৰ লগত জড়িত আছিল। ৫ বছৰ পূৰ্বে মুম্বাইলৈ গৈ অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়ে ডেইজীয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে তেওঁ জনপ্ৰিয় টিভি চেনেল ‘জি টিভি’ৰ কেবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল। তদুপৰি বহুকেইটা প্ৰতিষ্ঠানৰ বিজ্ঞাপনতো অভিনয় কৰিছিল মডেল তথা অভিনেত্ৰী ডেইজী দলেই।

ছবি: ইণ্টাৰনেট

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close