অসমআন্ত-ৰাষ্ট্ৰীয়ক্ৰীড়াঙ্গণবিশ্বভাল খবৰ

মালয়েছিয়াত জিলিকিল অসমৰ নাম

আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অসম সন্তান হৃদয়ানন্দ দাসৰ

নিউজ ডেস্ক, ভাল খবৰ: যি সময়ত হিমা দাসে বিশ্বত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে, সেই সময়তে বিশ্বনাথৰ পৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব যোৱা বিশ্বনাথ চাৰিআলিস্থিত অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিবলৈ সক্ষম হোৱা প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ নেতৃত্বত সফলতাৰ গঢ় লৈ উঠা চেম্পিয়নচ মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা তিনি যুৱকে কঢ়িয়াই আনিলে সন্মান।

১-২ ছেপ্তেম্বৰ তাৰিখে “মালেছিয়া”ত অনুষ্ঠিত হোৱা “International karate Tournament 2018” ত জোৰদাৰ প্ৰস্তুতিৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে প্ৰশিক্ষক হৃদয়ানন্দ দাসে সোনৰ পদক পোৱাৰ লগতে হৃদয়ানন্দ দাসৰ পৰা প্ৰশিক্ষণ গ্ৰহন কৰা বিশ্বনাথৰ চনম লামা আৰু হৃদয়ানন্দ দাসৰ পৰা প্ৰশিক্ষন গ্ৰহন কৰা গুৱাহাটীৰ মিলনজ্যোতি বৰদলৈয়ে ব্ৰঞ্জৰ পদকেৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতাৰ জখলাত আগবাঢ়ি যাবলৈ সক্ষম হোৱা হৃদয়ানন্দ দাসৰ প্ৰচেষ্টা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ প্ৰতিভা প্ৰদৰ্শনে ৰাজ্যবাসীৰ বাবে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাৰ্তাই ৰাজ্যৰ ক্ৰীড়া জগতত অনুপ্ৰেৰণা যোগাইছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close