অসমশীৰ্ষসাংস্কৃতিক

মালায়লম চিনেমাত অভিনয় কৰিলে অসমৰ জেফৰিণে

মণি ডেকা, সাংস্কৃতিক প্ৰতিবেদক: বলিউডত দুই-এগৰাকী অসম সন্তানে খোপনি পুতিবলৈ সক্ষম হৈছে যদিও দক্ষিণৰ ছবিজগতত তেনে অসমীয়া প্ৰায় নোহোৱাৰ দৰেই ৷ এনে সময়তে আশাৰ সঞ্চাৰ কঢ়িয়াইছে এগৰাকী অসম তনয়াই ৷ মালায়লম চিনেমাত অসমৰ এগৰাকী তন্বী মডেল-অভিনেত্ৰীয়ে শেহতীয়াকৈ অভিনয়ৰ সুযোগ লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷
যুৱতীগৰাকীৰ নাম জেফৰিণ ৰাণী ৷ গুৱাহাটীৰ সন্তান তেওঁ ৷ কেইবছৰমান আগেয়ে ভৃগু কাশ্যপৰ ‘কৃষ্ণ’ গীতটিৰে অভিনয় জগতত খোজ পেলোৱা জেফৰিণ ৰাণীয়ে অসমীয়া আলোচনীত প্ৰিণ্ট মডেলিঙো কৰিছিল ৷ কিন্তু নিজকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰাৰ সপোন কঢ়িয়াই প্ৰায় দুবছৰ পূৰ্বে তেওঁ চেন্নাই পাইছিল ৷ নিজৰ প্ৰতিভাৰ চানেকি তাতো দাঙি ধৰি অসম কন্যাগৰাকীয়ে তামিল আৰু মালায়লম ভাষাত প্ৰকাশিত বহুকেইখন আলোচনীত মডেলিং কৰে ৷

শেহতীয়া খবৰ মতে তেওঁ অভিনয় কৰি আছে এখন মালায়লম চিনেমাত ৷ চেন্নাইৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী, চিত্ৰ নিৰ্দেশক নিজো চিয়ে পৰিচালনা কৰা ছবিখনৰ নাম- “ৰিলিজন অফ ব্লাড” ৷ ছবিখনৰ প্ৰযোজনা কৰিছে চাজ’ন য্যশ কাডুথুৰ্থিয়ে ৷ ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে জেফৰিণ ৰাণীয়ে ৷ নিৰ্মীয়মাণ ছবিখন অচিৰেই ছবিঘৰলৈ আহিব ৷ উল্লেখ্য যে সমসাময়িকভাৱে অসম নন্দিনী জেফৰিণ ৰাণীয়ে আন এখন তামিল ছবিত অভিনয়ৰ সুযোগো লাভ কৰিছে ৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close