বিচিত্র জগতবিশেষশীৰ্ষ

মানৱতাত সকলো সমান

অস্ত্রোপচাৰৰ দ্বাৰা বাঘৰ কৃত্রিম ভৰি সংস্থাপন

জীৱ-জন্তুৰ প্রতি পূর্বৰে পৰাই ভাৰতীয় লােকৰ শ্রদ্ধা আৰু ভক্তি যে আছে সেয়া বিশ্ববাসীৰ জ্ঞাত। ভাৰতীয় সংস্কৃতিত পশুসমূহক শ্রদ্ধা, মৰম আৰু ভক্তি কৰা হয়। উদাহৰণ স্বৰূপে বাঘ হৈছে দেৱী বাঘেশ্বৰীৰ বাহন। একেদৰে বান্দৰক হনুমানৰ বংশধৰ হিচাপে পূজা কৰা হয়। হাতীক গণেশ হিচাপে পূজা কৰে, তেনেদৰে ষাঁড় গৰুক শিৱৰ বাহন, সর্পক শিৱৰ অলংকাৰ, ময়ূৰক কার্তিকৰ বাহন, ৰাজহাঁহক মা সৰস্বতীৰ বাহন, ফেঁচাক মা লক্ষ্মীৰ বাহন হিচাপে পূজা-অর্চনা কৰা হয়। চৰাই-চিৰকতি, জীৱ-জন্তুৰ প্রতি ভাৰতীয় সংস্কৃতিত যি শ্রদ্ধা আছে তাৰ এক নিদর্শন দাঙি ধৰা হৈছে। বিশ্বৰ কোনাে ঠাইত নঘটা কাণ্ড এক সংঘটিত হৈছে আমাৰ ভাৰতত।

চিকিৎসা পদ্ধতি কেৱল মানুহৰ বাবেইনহয়, জীৱ-জন্তুৱেও বিষমুক্ত হিচাপে জীয়াই থকাৰ অধিকাৰ আছে সেয়া প্রমাণিত কৰিছে ভাৰতে। ২০১২ চনৰ এক ঘটনা। মহাৰাষ্ট্ৰৰ ঘন জংঘলত চিকাৰীৰ ফাত আৱদ্ধ হৈ পৰিছিল এটা প্রকাণ্ড নাহৰফটকীঅশেষ কষ্ট কৰিও মক্ত হ’ব পৰা নাছিল বাঘটো। চিকাৰীৰ ফাণ্ডত বাঘটোৰ ভৰি এখন বেয়াকৈ আবদ্ধ হৈ পৰিছিল আৰু যুঁজি যুঁজি ভৰিখন উলিয়াব পৰা নাছিল। পৰৱর্তী পর্যায়ত বনৰক্ষী বাহিনীয়ে চিকাৰীৰ ফাণ্ডৰ পৰা বাঘটোক উদ্ধাৰ কৰিছিল আৰু গড়েৱাৰা উদ্ধাৰ কেন্দ্ৰত ৰাখিছিল। নাগপুৰৰ এই কেন্দ্ৰটোত দীর্ঘদিন ধৰি আছিল যদিও এখন ভৰি বেয়া হােৱাৰ বাবে ঠিক মতে চলা-ফুৰা কৰিব পৰা নাছিল বাঘটো। ৯ বছৰীয়া মতা বাঘটোৰ নাম ৰখা হৈছিল চাহেব ৰাও। ভৰি এখন বেয়া হােৱাৰ লগতে চিকাৰীৰ ফালত পৰাৰ পাছৰ পৰা ভৰিখনত বিভিন্ন বেমাৰ আৰম্ভ হৈছিল। যাৰবাবে অসহ্য যন্ত্রণাত দিন কটাবলগীয়াত পৰিছিল চাহেব ৰাও। এনেদৰে আঘাতপ্রাপ্ত ভৰিৰে দিন নিয়াব লগা হৈছিল চাহেব ৰাওৱে। শেহতীয়াকৈ আগৰদৰে চলা-ফুৰা কৰিব পাৰিছে চাহেব ৰাওৱে। ছয় বছৰ ধৰি অসহ্য যন্ত্রণাত দিন কটাবলগীয়া হােৱা বাঘটোৰ দায়িত্ব নাগপুৰৰ অর্থপেডিক ছার্জন ডাক্তৰ চুছৰাট বাবুলকাৰে গ্রহণ কৰে। আৰু ইংলেণ্ডৰ চিকিৎসক ডাক্তৰ পীটাৰ জিয়েনােডিছৰ সহায়ত এক অস্ত্রোপচাৰৰ সহায়ত বিকল হােৱা ভৰিখন আঁতৰাই কৃত্রিম ভৰি সংস্থাপন কৰে। ৪০ মিনিট ধৰি চলা এই অস্ত্রোপচাৰে চাহেব ৰাওৰ বিষৰ সমস্যা ৯৯ শতাংশ হ্রাস কৰিছে আৰু কৃত্রিম ভৰিৰে পূৰ্বৰ দৰেই চলা-ফুৰা কৰিছে চাহেব ৰাওৱে। অস্ত্রোপচাৰৰ দ্বাৰা বাঘৰ কৃত্রিম ভৰি সংস্থাপন বিশ্বৰ ভিতৰতে এয়াই প্রথম। আৰু এই অসম্ভৱ কার্য সম্ভৱ কৰি মানৱতাৰ পৰিচয় ডাঙি ধৰিছে ভাৰতীয় চিকিৎসকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close