বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

মানুহে নহয় চাকৰিৰ সাক্ষাৎকাৰ ল’ব ৰবৰ্টে

চাকৰি এটাৰ বৰ প্রয়ােজন। শিক্ষা সাং কৰি উঠাৰ পাছতে সকলােকে এই মনােভাৱে খেদি ফুৰে। কাকত-পত্ৰত বিজ্ঞাপন বিচাৰি সাক্ষাৎকাৰৰ বাবে সাজু হয়। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পৰীক্ষাত বহে। চুট-টাই পৰিহিত ব্যক্তিসকলে সাক্ষাৎকাৰ গ্ৰহণ কৰি নির্বাচন কৰে যােগ্য প্রার্থী। পিছে ইয়াৰ পৰিৱৰ্তন সমাগত। ভাৰতত ব্যক্তিগত বেংকে সাক্ষাৎকাৰ লােৱাৰ এক নতুন পদ্ধতি আৰম্ভ কৰিছে। এতিয়া মানুহে নহয় ৰবৰ্টে ল’ব প্রার্থীৰ সাক্ষাৎকাৰ। ফেডাৰেল বেংকে ইতিমধ্যে এই নতুন নিয়ম আৰম্ভ কৰাৰ দিশে গতি কৰিছে। চাকৰি নিযুক্তিত সাক্ষাৎকাৰত আর্টিফিচিয়েল ইন্টেলিজেন্সৰ সৈতে জড়িত বিশেষ যন্ত্ৰৰ সহায় লােৱা হ’ব। এই যন্ত্রই প্রার্থীগৰাকীৰ বুদ্ধিমত্তাক নির্ণয় কৰিব। এই বিশেষ যন্ত্ৰৰ নাম দিয়া হৈছে ‘ফিট ৰিকুইট’। দেশত ফেডাৰেল বেংকে এই নিয়ম আৰম্ভ কৰিব যদিও অচিৰেই আন বিত্তীয় বেংকসমূহাে এনেধৰণে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ সম্ভাৱনীয়তা যাগি উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close