আন্ত-ৰাষ্ট্ৰীয়বিশ্বভাল খবৰ

মাতৃৰ মমতা

পেছাৰ খাতিৰত তেওঁলোক কেতিয়াবা কঠোৰ হয়। কিন্তু হাজাৰ হওক তেৱোঁতো নাৰীয়েই। ঘটনাৰ স্থলচুবুৰীয়া ৰাষ্ট্র চীনৰ এখন চহৰৰ। আদালতত এগৰাকী বিচাৰাধীন আছামীৰ শিশু সন্তানে ভোকত দীর্ঘ সময় ধৰি কান্দি আছিল। সেই দৃশ্য দেখি চাই থাকিব নোৱাৰিলে চীনৰ এগৰাকী মহিলা আৰক্ষী কর্মীয়ে। আদালতৰ কক্ষৰ বাহিৰলৈ শিশুটিক আনি স্তনপান কৰোঁৱালে তেওঁ। সম্প্রতি ছচিয়েল মিডিয়াৰ জৰিয়তে এই দৃশ্য সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। চহৰখন হৈছে চীনৰ চাংজি প্ৰদেশৰ। স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে যে চহৰখনৰ স্থানীয় এখন আদালতত এক গোচৰৰ শুনানি চলি আছিল। আদালতৰ কাঠগড়াত এগৰাকী মহিলা। আদালতৰ কক্ষতে আছিল আছামীগৰাকীৰ শিশুসন্তানটি। অকৎস্মাতে ক্ষুধাৰ জ্বালাত কান্দি উঠিল। শিশুটি। বহুতে বহু চেষ্টা কৰিও শিশুটিৰ কান্দােন ৰাখিব পৰা নাই। তেনেতে মাতৃগৰাকীৰ অনুমতি লৈ আদালত কক্ষৰ পৰা ওলাই নিজৰ স্তনপান কৰোঁৱালে চীনৰ হাও নামৰ এই মহিলা আৰক্ষীগৰাকীয়ে। আদালতৰ চৌহদত তেওঁ যেতিয়া শিশুটিক স্তনপান কৰাই আছিল তেতিয়া তেওঁৰ এগৰাকী সহকমীয়ে দৃশ্যটো কেমেৰাত বন্দী কৰে। সেই ফটোখনেই এতিয়া ছচিয়েল মিডিয়াৰ বি ট্ৰেডিং। জানিব পৰা মতে লিনা হাও নামৰ সেই মহিলা আৰক্ষীগৰাকীয়ে কিছুদিন পূর্বে মাতৃত্ব লাভ কৰিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close