ক্ৰীড়াঙ্গণ

মহিলা বিশ্ব বক্সিঙ চেম্পিয়নশ্বিপত মেৰীৰ অষ্ঠমটো পদক

অলিম্পিক পদক বিজেতা ভাৰতীয় মহিলা বক্সৰ এম চি মেৰী কমে মহিলা বিশ্ব বক্সিঙ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদকতে সন্তুষ্ট। ৰাছিয়াত অনুষ্ঠিত হৈ থকা এই চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মেৰী কমে তুৰস্কৰ বুছেনাজ চাকিগ্লুৰ হাতত পৰাস্ত হয়। ৰাছিয়াৰ উলান উদেত চলি থকা এই চেম্পিয়নশ্বিপৰ ছেমিত তুৰস্কৰ প্ৰতিিদ্বন্দীৰ হাতত ১-৪ ব্যৱধানত পৰাস্ত হয়। উল্লেখ্য যে, কুৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দী কলম্বিয়াৰ ইনগ্ৰীট ভেলেন্সিয়াক একপক্ষীয় ভাৱে ৫-০ৰে পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ পদক নিশ্চিত কৰিছিল মেৰী কমে । এই চেম্পিয়নশ্বিপত তেওঁ ভাৰতৰ হৈ ৫১কিলোগ্ৰাম শাখাত অংশ লৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close