আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিনোদনবিশেষশীৰ্ষ

মহাসাগৰৰ জোৱাৰৰ ওফন্দা ঢৌত বিবাহ

বিবাহক লৈ সকলােৱে নতুন নতুন পৰিকল্পনা কৰা দেখা যায়। পূর্বতে পদ্ধতিগতভাৱে মন্দিৰ, কাজীখানা, গীর্জা ঘৰত বিবাহ সম্পন্ন হৈছিল যদিও আধুনিক যুগত জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূর্ততাে আকর্ষণীয় কৰি তুলিবলৈ এটা শব্দ ব্যৱহাৰ আৰম্ভ হৈছে। সেয়া হ’ল উইডিং প্লেনিং। ইয়াৰ উদাহৰণৰ আপােনালােকে নিশ্চয় বিৰাট কোহলি-অনুষ্কা শর্মা, ৰণবীৰ সিং-দিপীকা পাডুকন, মুকেশ আম্ফনিৰ পুত্ৰৰ বিবাহত দেখিছে। কেতিয়াবা কোনােৱে বিবাহ কৰিছে পর্বতৰ শিখৰত কোনােৱে সাগৰত। কোনােৱে আকৌ মৰুভূমিত। পিছে মহাসাগৰৰ জোৱাৰৰ ওফন্দি উঠা ঢৌত বিবাহ সম্পন্ন কৰা হয়তাে আগতে দেখা পােৱা নাছিল। আজি এনে এক কাহিনীয়ে আপােনালােকক জনাব বিচাৰিছাে। টেছৰ টীম আৰু বেকাহ ব্লেকেলিয়ে নিজৰ জীৱনৰ স্মৰণীয় মুহূর্ততাে আটলান্টিক মহাসাগৰৰ ঢৌত সম্পূর্ণ কৰে। দৰা আৰু কইনাৰ পােছাকত সমুদ্ৰৰ জোৱাৰৰ ওফোন্দি উঠা ঢৌত দুয়াে-দুয়ােকে জীৱনৰ সাক্ষী হিচাপে গ্রহণ কৰে। বিবাহৰ পাছত বহুতাে অন্তৰংগ সময় সমুদ্র ঢৌতে পাৰ কৰে দুয়ােগৰাকীয়ে। এই সন্দৰ্ভত বেকাহে সংবাদ মাধ্যমক জনাই যে এয়া আচলতে তেওঁৰ নহয় তেওঁৰ মাতৃৰ পৰামর্শ অনুসৰিহে মহাসাগৰত বিবাহ সম্পন্ন কৰা হৈছে। প্ৰথম অৱস্থাত তেওঁ আলাস্কাৰ প্লেছিয়াৰত বিবাহ সম্পন্ন কৰিব বিচাৰিছিল যদিও মাতৃৰ পৰামৰ্শৰ পাছতেই মহাসাগৰৰ ওফোন্দা জোৱাৰত দুঃসাহসিকভাৱে বিবাহ সম্পন্ন কৰে। যাক লৈ দুয়াে এতিয়া অত্যন্ত সুখী। শেহতীয়াভাৱে এই দৃশ্য ইণ্টাৰনেট মাধ্যমত বিয়পি পৰাৰ লগে লগে জনপ্রিয় হৈ পৰিছে টীম আৰু বেকাহৰ বিবাহ অনুষ্ঠান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close