অসমচিন্তাজগতপ্ৰৱন্ধবিশেষশীৰ্ষ

মহাবীৰ চিলাৰায়ক সুঁৱৰি

ইতিহাসৰ পাতত বীৰ চিলাৰায়

আজি মহাবীৰ চিলাৰায় ৫০৯সংখ্যক জয়ন্তী। আজি ৰাজ্যই সুঁৱৰিছে মহাবীৰ চিলাৰায়ক। চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্ম:১৫১০ -মৃত্যু:১৫৭৭) প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়।চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক চিলাৰায় দেৱান বুলিও জানিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
ইতিহাসত পোৱা যায় যে, কোঁচ বংশৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী সকলৰভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল:হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।
 নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্য কালত বাৰানসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।
বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰসিংহই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।
১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয়। সেই সময়ত, চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো বাৰানসীত আছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে। নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামৰ ধাইগৰাকী ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰ নাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰ-নাৰায়ণে কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নামদিয়া হয়।
কোঁচ ৰাজ্যৰ বিস্তাৰঃ নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে। ১৫৬৩চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। [2][3] ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰকৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।
গৌড় ৰাজ্য আক্ৰমণঃ কোঁচৰাজ্যৰ বুৰঞ্জীত, চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈব দুৰ্বিপাকত বন্দী হোৱাৰকথা পোৱা যায়। কিন্তু, মুছলমান ইতিহাসবোৰত সেই কথাৰ উল্লেখ নাই। বন্দী হোৱাৰ পাছত, তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা পৰিতুষ্ট হৈ মুক্তি দি পাঁচজনী সদ্বংশজাত কন্যা তেওঁ বিবাহ দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকনীয়া নামে পাঁচখন পৰগণা দিয়ে। আন এখন ইতিহাস মতে, কৰতোয়াৰ গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে। ইয়াৰ ঘোঁৰা তৰোৱাল আদি নানা উপহাৰ আদি দ্ৰব্য চিলাৰায়ে লাভ কৰে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত, বাগীশ আদি পণ্ডিতসকলক তেওঁ গৌড়ৰ পৰা লগত লৈ আহে।
ভৱিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহ’বলৈ বোধহয় ৰাজমাতাই এই মৈত্ৰীৰ ব্যৱস্থা কৰিছিল। বাস্তৱতে তেওঁ গৌড় আক্ৰমণ কৰিবলৈ যোৱা নাছিল। গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাছতহে মোগল বাদছাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে।

4

দেশ শাসনৰ সকলো কাৰ্য্যত প্ৰখৰ দৃষ্টি ৰাখিছিল আৰু ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।

চিলাৰায় এজন পণ্ডিত আছিল; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী , অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষস্বৰূপ সহায় আছিল।
শংকৰদেৱক বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায় নৰনাৰায়ণ আৰে চিলাৰায় দুয়ো শিৱ ভক্ত আছিল। সেয়ে, ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ’ল, তেতিয়া শংকৰদেৱ ক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ’ল। আনহাতে, নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে।
চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শংকৰক আদৰ কৰিব লগীয়াত পৰিল।
শংকৰ দেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈসপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পাছত, তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।
১৫৭৯ খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগাতীৰত বসন্ত ৰোগত মৃত্যু হয়।
বীৰ চিলাৰায় বঁটাঃ বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।
( ইণ্টাৰনেটৰপৰা যুগুত)
অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close