অসমশীৰ্ষসাংস্কৃতিক

মহানগৰীত উন্মোচন ‘প্ৰীতিৰে সুবাস’ শীৰ্ষক ভিডিঅ ছং

গুৱাহাটী, ২০ জুলাই – শনিবাৰে গুৱাহাটীৰ ৰাজগড় বিহুতলীস্থিত ষ্টডিঅ জ’জাত উন্মোচন কৰা হয় ‘প্ৰীতিৰে সুবাস’ শীৰ্ষক এটি ভিডিঅ’ ছং। শিশু শিল্পী নিৰ্ভীতা বড়াৰ কণ্ঠদানে আৰু অভিনয়েৰে সংগীতপ্ৰেমীলৈ মুকলি কৰি দিয়া উক্ত ভিডিঅ’ ছংটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যৰ এগৰাকী খ্যাতিমান গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু অভিনেত্ৰী ফেৰী প্ৰিয়া আহমেদে। গীতটোৰ দৃশ্যাংশ মেঘালয়ৰ কেইবাটাও মনোমোহা লোকেশ্বনত চিত্ৰায়ণ কৰা হয়। ‘প্ৰীতিৰে সুবাস’ শীৰ্ষত গীতটোৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ, সংগীত প্ৰশান্ত শইকীয়াৰ আৰু শব্দ সংমিশ্ৰণ ভূপেশ শইকীয়াৰ। আনহাতে, ‘প্ৰীতিৰে সুবাস’ গীতটোৰ ভিডিঅ’ৰ নৃত্য পৰিচালনা ধনজিৎ দাস (ডিডিচি)ৰ, ভিডিঅ’ সম্পাদনা অসীম শৰ্মাৰ। উল্লেখ্য, ডিব্ৰুগড় জিলাৰ নীপক’ বকুলনীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী তথা নীপক’ৰ কৰ্মচাৰী ৰাতুল বড়া আৰু জোনালী বড়াৰ কন্যা নিৰ্ভীতা বড়াৰ এয়া প্ৰথম প্ৰয়াস।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close