বিজ্ঞানবিশেষশীৰ্ষ

মহাকাশত বিলাসী হােটেল

কিমান আৰু দেশ-বিদেশলৈ ভ্ৰমণ কৰিব? মহাকাশলৈ ভ্ৰমণ কৰাৰ কথা ভাবিছে নেকি? কথাষাৰ আচহুৱা যেন লাগিলেও এয়াই বাস্তৱ সত্য। কাৰণ আপােনাক মহাকাশ ভ্রমণলৈ সুযােগ দিছে ৰাছিয়াই। শেহতীয়া তথ্য অনুসৰি আগন্তুক পাঁচ বছৰৰ ভিতৰত মহাকাশত বিশ্বৰ প্রথম হিলাসী হােটেল মুকলি কৰা হ’ব। ইতিমধ্যে এই সন্দৰ্ভত প্রস্তুতি পূর্ণগতিত চলি আছে। ৰাছিয়ান মহাকাশ সংস্থা ‘ৰসকসমস’ এ বহু বছৰ ধৰি এই বিষয়ে পর্যালােচনা চলাই আছিল। পৰিকল্পনা অনুযায়ী ৰাছিয়াৰ আন্তর্জাতিক মহাকাশ ষ্টেচনৰ লগত যুক্ত হ’ব এটি লাক্সাৰি অৰবিটাল স্যুট। য’ত এটা পােটহলৰ লগতে থাকিব এটি ব্যক্তিগত কেবিন। কেবিনত বহি এই পাের্টহলৰ জৰিয়তে সমগ্র পৃথিৱীখন চাব পাৰিব। ইয়াৰ উপৰি ইয়াত জিমৰ পৰা আৰম্ভ কৰি আধুনিক ল’জ, ৱাইফাই প্রযুক্তিৰ লগতে মহাশূন্যত খােজ কাঢ়িব পৰা ব্যৱস্থা থাকিব। এই বিশেষ হােটেলখনৰ এদিনৰ মূল্য ৪০ বিলিয়ন ডলাৰ। অর্থাৎ ভাৰতীয় মূল্য হিচাপত ২৫০ কোটিতকৈও অধিক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close