বিশেষসাংস্কৃতিক

ময়ূৰীৰ কণ্ঠত ‘তুছে নাৰাজ নেহি জিণ্ডেগী’

দিব্যজ্যোতি দাস

তুছে নাৰাজ নেহি জিণ্ডেগী, হেৰান হু মে, হাে হেৰান হু মে, তেৰী মাসুম সবালাে সে, পৰেশান হু মে, হে পৰেশান হু মে… ১৯৮৩ চনত বিশিষ্ট শিল্পী সম্পােৰন সিং কালৰ ওৰফে গুলজাৰৰ কলমত লিপিবদ্ধ হৈছিল এই গীতৰ কলি ফাকি। যি কলিয়ে সম্প্রতিয়াে সংগীতৰ জগতত চিৰসেউজ হিচাপে পৰিচিত হয়। মহান শিল্পী গুলজাৰৰ কলমত আবদ্ধ হােৱা গানৰ কথাক সুৰলৈ ৰূপান্তৰ কৰিছিল ৰাহুল দেৱ বৰ্মনে। অৱশ্যে দুয়ােগৰাকীয়ে সৃষ্টি কৰা এই বিখ্যাত শব্দকেইটাক সুন্দৰ গানলৈ ৰূপান্তৰ কৰে মহান শিল্পী লতা মংগেশকাৰে। এই গীতটোৱে মুক্তিলাভ কৰা বছৰজোৰাৰ পাছতাে আজিও সকলােৰে মুখে মুখে। কাৰণ গানটো শুনাৰ লগে লগেই আজিও তৎমুহুর্ততে গাৰ নােম শিয়ৰি উঠাৰ লগতে নিমিষতে আৱেগিক হৈ পৰে। সেয়ে সময় পৰিৱর্তন হলেও এই গানৰ কলিয়ে আজিও যুৱ প্ৰজন্মৰ পৰা জ্যেষ্ঠসকললৈ হৃদয়ৰ চুকত ঠাক খাই আছে। শেহতীয়াকৈ এই জনপ্রিয় লিৰিক্স ফাকিক অসমৰ জনপ্রিয় কণ্ঠশিল্পী ময়ুৰী দত্তই ব্যতিক্রমী প্রচেষ্টাৰে নিজৰ কণ্ঠেৰে বাণীবদ্ধ কৰিছে।

কণ্ঠৰ যাদুৰে অসমীয়া গানৰ সমাজত স্থান লাভ কৰিবলৈ সক্ষম হােৱা ময়ূৰীয়ে ইতিমধ্যে নাহৰ-২০১৭’, ‘বাখৰ’, ‘উতলা কলিজা’, ‘আজি তােমাক দেখা পালাে’আদিৰ দৰে জনপ্রিয় গীতত কণ্ঠদান কৰিছে। যাৰ বাবে যুৱ প্ৰজন্মৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় ময়ূৰীয়ে। কেৱল যে গীতৰ বাবেই অনুৰাগিৰ মন জয় কৰিবলৈ সক্ষম হৈছে তেনে নহয়। কাজলসনা দুচকু আৰু মৰমলগা হাঁহিটোৰ বাবেও বিভিন্ন মঞ্চত জনপ্রিয়তা অর্জন কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। শেহতীয়াকৈ দেশৰ কোকিল কণ্ঠী লতা মংগেশকাৰৰ ৮৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে তুছেনাৰাজ নেহী…’শীর্ষক গীতটো নিজ কণ্ঠেৰে বাণীবদ্ধ কৰিছে। সম্প্রতি কেইবাটাও নতুন প্রজেক্টক লৈ ব্যস্ত ময়ূৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close