আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মঙলত মাটি

মঙল গ্রহক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। কেতিয়াবা যদি বৰফ পানীৰ সন্ধান পাইছে কেতিয়াবা আকৌ ক্ষুদ্র প্রাণীৰ অৱস্থিতি ধৰা পৰিছে। শেহতীয়াকৈ আন এক তথ্য পােহৰলৈ আহিছে। ইউৰােপীয় মহাকাশ গৱেষণা সংস্থা মার্চ এপ্রেছে মঙল গ্রহৰ মাছিয়ান লেণ্ডস্কেপৰ এখন শেহতীয়াকৈ ছবি পঠিয়াইছে। এই মাছিয়ান লেগুছকেপ হ’ল মঙলৰ ভূমিৰ এটি অংশ। যিখন ছবি মঙলৰ উত্তৰ আৰু দক্ষিণ গােলার্ধৰ সীমান্তৰ বুলি জানিব পৰা গৈছে। মাছিয়ান লেগুছকেপৰ সহায়ত মঙল গ্রহত ফ্লাড প্লেইনছ তৈয়াৰ কৰা হৈছিল। উত্তৰ তথা দক্ষিণ গােলার্ধৰ সীমান্ত এই অংশক নীল ফচি ছাইট’ বুলি জনা যায়। এই ফ্লাড প্লেইনচে এক ইতিবাচক দিশৰ উন্মােচন ঘটাইছে বুলি এক তথ্যত পােহৰলৈ আহিছে। ইয়াৰ পূর্বেও মঙলত বহু নতুন তথ্যৰ উন্মােচন ঘটিছিল। যিয়ে বিজ্ঞানৰ ইতিহাসত এক নতুন দিশ উন্মােচন ঘটাইছিল। আন এক তথ্যত পােহৰলৈ আহিছে যে এই মঙল গ্রহ অতিকৈ শুকান গ্রহ। কিন্তু বিভিন্ন ক্ষয়ৰ ফলত যি ফ্লাড প্লেইনচৰ সৃষ্টি হৈছে এয়াই হৈছে মঙলৰ নতুন মাটি। নীল ফচি ছাইটত ঘটা এই ঘটনাই এক উল্লেখযােগ্য ইতিবাচক দিশৰ বাট মুকলি কৰিছে।শেহতীয়াকৈ সন্ধান পােৱা মঙলৰ এই মাটিয়ে বহু নতুন তথ্য পােহৰলৈ অনাত যথেষ্ট সহায় কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close