আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মঙলত বিশুদ্ধ পানীৰ সন্ধান

মঙল গ্রহক লৈ পূর্বৰ পৰাই বৈজ্ঞানিকসকলে ন ন তথ্য আগবঢ়াই আহিছে। অনুসন্ধান কালত বহু ন ন তথ্য পােহৰলৈ আহিছে। কেইবাবাৰাে মঙল গ্ৰহটো শুকান আৰু মৃতপ্রায় বুলি প্রমাণিত হৈছিল। শেহতীয়াকৈ নাছাৰ অনুসন্ধানকালত অন্য এক তথ্য পােহৰলৈ আহিছে। মঙলৰ মাটিত বৰফ হৈ থকা বিশুদ্ধ পানীৰ সন্ধান পােৱা গৈছে। এই পানীখিনি বিশাল আয়তনৰ এখন নদীৰ সমান। বৰফৰ ৰং আৰু পােহৰৰ বিছুৰণ দেখি বৈজ্ঞানিকসকলে এই পানী খােৱাৰ নিশ্চয় উপযােগী বুলি ধাৰণা কৰিছে। বর্তমানেও এই সন্দৰ্ভত গৱেষণা অব্যাহত আছে। সঁচাকৈয়ে এই পানী খােৱাৰ উপযােগী নে এই সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলাই আছে। নাছাৰ বৈজ্ঞানিকসকলৰ দাবী যদিহে মঙল গ্রহত পানী আছে তেন্তে ইয়াত খনন কার্য চলােৱা উচিত। কিন্তু মঙল গ্রহত খনন কার্য চলােৱা সম্ভৱ নে ? এনে প্রশ্নই বর্তমান সকলােৰে মনত কৌতুহলৰ সৃষ্টি কৰিছে। মার্কিন ভূতাত্বিকসকলৰ অনুসন্ধানত পােহৰলৈ আহিছে যে মঙলগ্ৰহৰ প্রায় আঠটা স্থানত বৰফৰ সন্ধান পাইছে। মঙল গ্রহৰ বৰ্তমানৰ স্থিতিক লৈ বহু প্রশ্নই উত্থাপন হৈছে। মঙলত যদি পানী-মাটিৰ সন্ধান পাইছে তেন্তে ইয়াত প্রাণীৰাে সন্ধান পােৱা যাব বুলি দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত ভিন্নজনে ভিন্ন মত আগবঢ়াইছে। তথাপিও যেন নাছা বহু আশাবাদী। সেয়ে মঙলক লৈ নাছাই এক বিশেষ গৱেষণাত মন মেলিছে। এই গৱেষণাৰ অন্তত সকলাে কৌতুহলৰ অন্ত পৰিব বুলি দাবী কৰিছে নাছাই।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close