আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানভাল খবৰ

মঙলত বসবাসৰ ৰূপৰেখা প্ৰকাশ কৰিছে এলাম মাস্কে

মহাকাশত পৃথিৱীৰ বাহিৰেও আৰু কৰবাত বসবাসযোগ্য পৰিৱেশ আছে নে নাই, সেই বিষয়টোক লৈ গৱেষণা চলি আছে বহু দশক ধৰি। তথাপিও এই পর্যন্ত কেৱল মঙল গ্রহকেই জীৱৰ অনুকুল বুলি দাবী কৰি আহিছে মহাকাশ বিজ্ঞানীসকলে। আৰু সেই লক্ষ্য লৈ মঙলত বসবাস কৰাৰ পৰিকল্পনা কৰিছে মার্কিন প্রতিষ্ঠান স্পেচ এক্স। প্রতিষ্ঠানটিৰ প্ৰধান কর্মকর্তী এলন মাস্কে কিছু বছৰৰ ভিতৰত মঙলত বসবাসযোগ্য কৰি তোলা তথা তাত বাণিজ্যিকভাৱে মানুহ পঠোৱাৰ কথা জানিবলৈ দিছে। ইয়াৰ বাবে জনে প্রতি খৰচ পৰিব। একৰ পৰা দুই লাখ ডলাৰ। ইয়াৰ বাবে স্পেচ এক্সৰ পৰীক্ষামূলক ফেলকন ৯ ৰকেটটি উৎক্ষেপণৰ সময়ত বিস্ফোৰিত হৈছিল। পৰিকল্পনাটি ধ্বংস হোৱাৰ পিছত তেওঁলোকে নতুনকৈ আন এটি ৰূপৰেখা প্রকাশ কৰিছে তেওঁলোকে। আগৰ ৰকেট বিস্ফোৰণৰ সময়ত তাত থকা ত্রুটিসমূহ এইবাৰ সঠিক পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। সম্প্রতি স্পেচ এক্স পুনঃব্যৱহাৰযোগ্য মহাকাশযান প্রযুক্তি নির্মাণত তেওঁলোকে সফলতা লাভ কৰিছে। সকলো ঠিকে থাকে থাকিলে ২০১৮ বৰ্ষত প্রতিষ্ঠানটিয়ে তেওঁলোকৰ সকলোতকৈ শক্তিশালী মহাকাশযানফেলকন হেভীৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হব বুলি জানিবলৈ দিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close