আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মঙলত ঘৰ সজাৰ পৰিকল্পনা

বৈজ্ঞানিকসকলৰ শেহতীয়া গৱেষণা অনুসৰি বহুচর্চিত মঙল গ্রহ হ’ব পাৰে আমাৰ ভৱিষ্যতৰ ঠিকনা। মঙলত বসতি স্থাপনক লৈ ইতিমধ্যেই প্রস্তুতিও আৰম্ভ কৰিছে বৈজ্ঞানিকসকলে। বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাৰ যুটীয়া প্ৰচেষ্টাত ‘মার্চ ৱান প্রজে গঢ়ি তােলা হৈছে। উদ্দেশ্য ২০৩২ চনৰ ভিতৰত মঙল গ্ৰহত মানুহৰ বসবাসৰ উপযােগী কৰি তােলা। ঘৰৰ সমান্তৰালকৈ প্রয়ােজনীয় সকলাে সুবিধাসহ সৰু সৰু এলেকা গঢ়ি তােলা হ’ব বুলি জানিব পৰা গৈছে। পর্যায়ক্রমে মঙললৈ পঠোৱা হ’ব মহাকাশচাৰীসকলক। পর্যবেক্ষণ কৰা হ’ব যে পৃথিৱীৰ দৰে মঙলতাে সাধাৰণ জীৱন-যাপন সম্ভৱ হয় নে নহয়। ইতিমধ্যেই নিউয়ৰ্কৰ এ আই স্পেচ ফেৰী সংস্থাই নিজৰ দায়িত্ব পালন কৰিছে। আনফালে মঙলৰ সামগ্রিক দিশটোৰ প্রতি লক্ষ্য ৰাখি তাত কেনেকুৱা ধৰণৰ ঘৰ নিৰ্মাণ কৰা হ’ব তাক লৈ পৰিকল্পনা আৰম্ভ কৰিছে সংস্থাটোৰ ইঞ্জিনিয়াৰ তথা আর্কিটে”সকলে। থ্রি ডি প্রিন্ট প্রযুক্তিৰ সহায়ত সম্প্রতি কিছু ডিজাইন প্রস্তুত কৰা হৈছে। চাৰিজন মহাকাশচাৰীয়ে একেলগে থাকিব পৰাকৈ ঘৰসমূহ ডিজাইন কৰা হৈছে। প্রয়ােজন অনুসৰি এই ঘৰসমূহ স্থানান্তৰ কৰিব পৰাৰ লগতে ঘৰসমূহ হ’ব যথেষ্ট শক্তিশালী। ঘৰসমূহ দেখিবলৈ মাটিৰে নিৰ্মাণ কৰা ফুলদানিৰ তলি অংশৰ দৰে। উচ্চতা যথেষ্ট হােৱাৰ বাবেই ইয়াত গঢ়ি তােলা হ’ব লেব, ৰান্ধনীঘৰৰ লগতে শােৱা কোঠাও। মুঠৰ ওপৰত এখন সংসাৰ গঢ়ি তােলা হ’ব মঙল গ্রহত। এই ঘৰসমূহৰ তলৰ পৰা ওপৰলৈ যাবলৈ ব্যৱহাৰ কৰা হ’ব মকৰাৰ জাল সদৃশ পথ। সেইসমূহ পথ নির্মাণ কৰা হ’ব ব্যচল্ট ফাইবাৰৰ সহায়ত। আন কিছু ঘৰৰ আকৃতি হ’ব আধা ভঙা কণীৰ খােলাটোৰ দৰে। আধুনিক বায়’প্লাষ্টিকৰ দ্বাৰা নির্মাণ কৰা এই ঘৰসমূহত থাকিব দুটাকৈ আৱৰণ। ভিতৰ অংশত থাকিব সকলাে অত্যাধুনিক সা-সুবিধা। দিনৰ সময়ত সূৰ্যৰ কিৰণ আহি পৰিব ঘৰৰ চালত। আৰু এই সূৰ্যৰ কিৰণৰ পৰাই লেবৰ সমূহ কামকাজ আৰম্ভ কৰিব পাৰিব মহাকাশচাৰীসকলে। ৰন্ধা-বঢ়াও কৰিব পাৰিব সৌৰ শক্তিৰ দ্বাৰা। মন কৰিলে তাত শাক-পাচলিৰ বাগান গঢ়ি তুলিব পাৰিব। মঙলৰ মাটিত আছে যথেষ্ট পৰিমাণৰ আয়ৰণ অাইড। ফলত নিঃসন্দেহে তাত খেতিও প্রচুৰ পৰিমাণে ভাল হ’ব বুলি বৈজ্ঞানিকসকলে মত প্রকাশ কৰিছে। মঙলত আন এটি বিশেষ ঘৰাে নিৰ্মাণৰ পৰিকল্পনা হাতত লােৱা হৈছে। যি ঘৰটো তেজস্ক্রিয় বিকিৰণ প্ৰতিৰােধ কৰিবলৈ সক্ষম। উল্লেখ্য যে, ঈগলুৰ আৰ্হিত নির্মাণ কৰিবলগীয়া এই ঘৰসমূহ মঙল গ্রহৰ বাবে বেছ উপযােগী হ’ব বুলি মত প্ৰকাশ কৰিছে বৈজ্ঞানিকৰ দলটোৱে। কাৰণ মঙলৰ মাটিত আছে প্রচুৰ পৰিমাণৰ বৰফৰ অৱস্থিতি আছে। তেনেস্থলত যিহেতু এই ঘৰসমূহৰ তেজস্ক্রিয় বিকিৰণ প্ৰতিৰােধৰ ক্ষমতা যথেষ্ট বেছি, এই ঘৰসমূহ হ’ব যথেষ্ট উপযােগী। প্রায় ডেৰ হাজাৰ বৰ্গফুটত নির্মাণ কৰিবলগীয়া এই ঘৰসমূহৰ ডিজাইনসমূহ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰাে ইতিমধ্যে পচন্দ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close