অসমভাল খবৰশীৰ্ষ

ভৱেশ কলিতাৰ মন্ত্ৰিত্ব লাভ, বাইহাটা চাৰিআলিত উৎসৱমুখৰ পৰিৱেশ

চাংসাৰিৰপৰা পঙ্কজ নাথৰ প্ৰতিবেদন, ভাল খবৰ: বহু দিনৰ জল্পনা কল্পনা ও অপেক্ষাৰ অন্তত আজি সম্প্ৰসাৰণ হোৱা অসম মন্ত্ৰী সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতেই আজি তেওঁৰ নিজৰ গৃহসমষ্টি ও জন্মস্থান কমলপুৰত উপস্থিত হোৱাৰ লগে লগেই তেখেতৰ সমৰ্থক- কমলপুৰ সমষ্টিৰ ৰাইজে বিপুলভাৱে আদৰণি জনায়। কমলপুৰ সমষ্টিৰ অন্তৰ্গত ডোৰাকঁহৰাৰ পৰা মদনপুৰ, পাইকানা, দেউদুৱাৰ হৈ প্ৰায় সহস্ৰাধিক সমৰ্থকৰে এক বিশাল ৰেলীৰে আদৰনি জনোৱা মন্ত্ৰী কলিতাক গামোচা, পুষ্পবৃষ্টিৰে পদপথৰ কাষে-কাষে অপেক্ষাৰত অনুৰাগীসকলে সম্বৰ্ধনা জনাই সমষ্টিৰ কেন্দ্ৰস্থল বাইহাটা চাৰিআলিত উপস্থিত হয়।

বাইহাটা চাৰিআলিত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি মন্ত্ৰী কলিতাক জাপি,গামোচা শৰাই আদিৰে ভিন্ন বক্তি-দল-সংগঠন-অনুষ্ঠান-প্ৰতিষ্ঠানে বিপুলভাৱে সম্বৰ্ধনা ও আদৰণি জনোৱাৰ লগতে সমৰ্থক-ৰাইজে মিঠাই খুৱাই, ফটকা ফুটাই হৰ্ষোল্লাসেৰে এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। জলসিঞ্চন আৰু ৰাজহ (স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ) বিভাগৰ দপ্তৰ পোৱা মন্ত্ৰী কলিতাই সম্বৰ্ধনাৰ সময়ছোৱাত আগন্তুক দিনত নিজৰ এই দায়িত্ব সুচাৰুভাৱে চলাই যাবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰি ইয়াৰ বাবে অসমৰ ৰাইজৰ সহাঁৰি কামনা কৰে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close