বিশেষশীৰ্ষস্বাস্থ্য

ভৰিৰ গোৰোহা ফটা ৰোধ কৰাৰ ঘৰুৱা বিধান

জিন্তি বৈশ্য

শীতৰ আগমনৰ লগে লগে দেহৰ যতনো নিয়মিত লব লাগে। নহলে চাল শুকান হোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে। চালৰ লগতে ভৰিৰ গোৰোহাও ঠাণ্ডা দিনত খুবেই ফটা দেখিবলৈ পোৱা যায়। সেয়ে ভৰিৰ গোৰোহা ফটা ৰোধ কৰাৰ কেইটামান ঘৰুৱা দিহা তলত চমুকৈ আলোচনা কৰা হল:

১) প্রত্যেক বাৰ ভৰি ধুৱাৰ পাছত অলিভ অইল ভৰিৰ গোৰোহাত লগালে ভৰি ফটাৰ প্ৰৱণতা অনেক কমি আহে।
২) ইয়াৰোপৰি ভৰিৰ গোৰোহা ফটা প্রতিৰোধৰ ক্ষেত্ৰত আন এটি পদ্ধতিয়ো অৱলম্বন কৰিব পাৰে। যেনে- প্রথমে এটি পাত্রত সামান্য পৰিমাণ ভেচলিন লব আৰু লগত সামান্য পৰিমাণে নেমুৰ ৰস। তাৰপাছত উপাদান দুটি একেলগে ভালকৈ মিহলাই লব। তৈয়াৰী হৈ পৰা মিশ্রণটি ব্যবহাৰৰ আগে ১৫ ৰ পৰা ২০ মিনিট সময় অলপ গৰম পানীত ভৰি দুখন ডুবোৱাই তিয়াই লব।কিছু দিন ব্যৱহাৰ কৰিলেই সুফল পাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close